World Environment Day Celebration in Guwahati:
আজি বিশ্ব পৰিৱেশ দিৱস ৷ সমগ্ৰ বিশ্বৰ লগতে গুৱাহাটীটো বিভিন্ন অনুষ্ঠানে বৃহস্পতিবাৰে আয়োজন কৰে পৰিৱেশ দিৱসৰ বিভিন্ন কাৰ্যসূচী ৷
মহানগৰীৰ ক্ৰীড়া ভাৰতীৰ উদ্যোগত আজি পুৱাভাগত প্ৰকৃতি সুৰক্ষা ‘শীৰ্ষক এক চাইকেল চালনা অনুষ্ঠিত কৰে । পল্টন বজাৰস্থিত বৰচলা খেল পথাৰৰ পৰা আৰম্ভ হয় চাইকেল চালনা ৷ প্ৰতিকুল বতৰকো নেওচি ইয়াত অংশ লয় বিভিন্ন শিক্ষানুষ্ঠানৰ শিক্ষাৰ্থীৰ লগতে আন আন লোকসকলেও ৷
চাইকেল চালনাত অংশ লোৱা প্ৰতি গৰাকী চাইকেল আৰোহীলৈ ক্ৰীড়া ভাৰতীয় পৰা আগবঢ়োবা হয় ট্ৰফী আৰু মানপত্ৰ ৷ আনহাতে পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি ক্ৰীড়া ভাৰতীয় কৰ্মকৰ্তা সকলে ছাত্ৰীবাৰীৰ কেবি ৰোডৰ ভিন্নস্থানত বৃক্ষৰোপণ কৰে ৷