EId Celebration in Guwahati:
সমগ্ৰ বিশ্বৰ লগতে অসমতো শনিবাৰে ব্যাপক উৎসাহ উদ্দীপনাৰে ইছলাম ধৰ্মালম্বী ৰাইজে উদযাপন কৰে ঈদ-উজ-জোহা ৷ পুৱাভাগত ৰাজ্যৰ চুকেকোণে থকা ঈদগ্ৰাহ ময়দানত সমূহীয়া নামাজত অংশ লয় ইছলামধৰ্মী লোক সকলে ৷
ADVERTISEMENT
একেদৰে গুৱাহাটী মহানগৰীতো শনিবাৰে উদযাপন কৰা পৱিত্ৰ ঈদ-উজ-জোহা ৷ এই উপলক্ষে পুৱা ভাগত মহানগৰীৰ মাজখোৱা,হাতীগাঁও,সিজুবাৰী,গাড়ীগাঁও,সাতগাঁও সহ বহু অঞ্চলৰ ঈদগ্ৰাহ ময়দানত অনুষ্ঠিত হোৱা ঈদৰ সমূহীয়া নামাজত অংশ লয় ইছলাম ধৰ্মালম্বী ৰাইজে ৷