Rajyasabha Election:Kanad Purkayastha given bjp ticket:
অসমৰ ৰাজ্যসভা নিৰ্বাচনৰ বাবে বিজেপিয়ে ঘোষণা কৰিলে প্ৰাৰ্থীৰ নাম ৷ প্ৰদেশ বিজেপিৰ সম্পাদক তথা বৰাকৰ জ্যেষ্ঠ নেতা কনাড পুৰকায়স্থক প্ৰদান কৰিলে দলীয় টিকট ৷ কনাড পুৰকায়স্থ প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা বৰ্ষীয়ান বিজেপি নেতা কবিন্দ্ৰ পুৰুকায়স্থ পুত্ৰ ৷
# কণাড পুৰকায়স্থৰ প্ৰাৰ্থীত্বক আদৰণি সভাপতি দিলীপ শইকীয়াৰ
অসমত খালী হোৱা ৰাজ্যসভাৰ দুখন আসনৰ এখনত বিজেপি আৰু আনখনত মিত্ৰদল অসম গণ পৰিষদে প্ৰাৰ্থীত্ব আগবঢ়োৱাৰ সিদ্ধান্ত চূড়ান্ত হোৱাৰ পিছত আজি ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থীগৰাকীৰ নাম আনুষ্ঠানিকভাবে ঘোষণা কৰা হয় ৷ আগন্তুক ৰাজ্যসভা নিৰ্বাচনৰ প্ৰাৰ্থী হিচাপে দলে জ্যেষ্ঠ নেতা কণাড পুৰকায়স্থৰ নাম আনুষ্ঠানিকভাবে ঘোষণা কৰে ৷ অসম প্ৰদেশ বিজেপিৰ সম্পাদক তথা দলৰ এগৰাকী সমৰ্পিত কাৰ্যকৰ্তা কণাড পুৰকায়স্থৰ নাম ৰাজ্যসভাৰ প্ৰাৰ্থী হিচাপে ঘোষণাক আদৰণি জনাইছে দলৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই ৷
সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক বিবৃতিত সভাপতি শইকীয়াই পুৰকায়স্থৰ প্ৰাৰ্থীত্ব ঘোষণাৰ সিদ্ধান্তৰ বাবে ভাৰতীয় জনতা পাৰ্টিৰ কেন্দ্ৰীয় নেতৃত্ব, বিশেষকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, সভাপতি জেপি নাড্ডা, গৃহমন্ত্ৰী অমিত শ্বাহ, অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্তবিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰে ৷
বিবৃতিটোত সভাপতি শইকীয়াই আৰু কয় যে পুৰকায়স্থই বহুদিন ধৰি দলৰ বিভিন্ন দায়িত্বত থকাৰ উপৰিও শৈশৱকালৰে পৰা দলৰ আদৰ্শগত পৰিয়ালৰ এগৰাকী সন্মানীয় সদস্যৰূপে বৰ্ত্তমানলৈ আদৰ্শনিষ্ঠভাৱে কাম কৰি আহিছে। দলৰ পৰম শ্ৰদ্ধেয় মাৰ্গদৰ্শক কৱীন্দ্ৰ পুৰকায়স্থৰ পুত্ৰ কনাড পুৰকায়স্থই অনাগত দিনত অসমবাসীৰ আশা-আকাংক্ষা আৰু বিজেপি দলৰ নীতি আদৰ্শক শক্তিশালীভাৱে দেশৰ উচ্চ সদনত উপস্থাপন কৰিব পাৰিব বুলিও লগতে আশা ব্যক্ত কৰে সভাপতি শইকীয়াই ৷