Abvp :
দেশত ক’চিং ইনষ্টিটিউটৰ নামত স্বেচ্ছাচাৰিতা চলিছে আৰু ইয়াক নিয়ন্ত্ৰণৰ বাবে শীঘ্ৰে চৰকাৰে নীতি নির্ধাৰণ কৰাৰ দাবী জনাইছে অখিল ভাৰতীয় বিদ্যার্থী পৰিষদ (এবিভিপি)-এ। ইয়াৰ লগতে কেন্দ্রীয় বিশ্ববিদ্যালয়সমূহত উপাচার্য নিযুক্তি প্রক্রিয়াত অপ্রয়োজনীয়ভাৱে পলম হোৱা বুলিও সংগঠনটোৱে উদ্বেগ প্রকাশ কৰি চৰকাৰক তৎকালে ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন কৰিছে |
এক সংবাদমেলত এবিভিপিৰ ৰাষ্ট্ৰীয় সম্পাদক কমলেশ সিঙে এই দাবীৰ বিষয়ে সদৰী কৰি কয় যে যোৱা ২৯ মে’ৰ পৰা ৩১ মেলৈ সংগঠনটোৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক পৰিষদৰ বৈঠক অনুষ্ঠিত হয়। চণ্ডিছগড়ৰ ৰাজধানী ৰায়পুৰত অনুষ্ঠিত এই বৈঠকত উক্ত বিষয় দুটাক লৈ এবিভিপিয়ে উদ্বেগ প্ৰকাশৰ সমান্তৰালকৈ ভাৰতৰ আভ্যন্তৰীণ সুৰক্ষাৰ লগতে বিশ্বৰ পৰিস্থিতিৰ ওপৰতো আলোচনা কৰা হয়। তদুপৰি বিশ্ববিদ্যালয়বোৰৰ চৌহদত মতাদর্শগত অস্থিৰতা ক্রমে বৃদ্ধি হোৱা বুলিও তাত আলোচনা কৰা হয় আৰু এই সমস্যা সমাধানৰ বাবে প্রস্তাব গ্রহণ কৰা হয়।
বৈঠকৰ আন আন সিদ্ধান্ত আৰু আলোচনাৰ বিষয়েও সদৰী কৰি সিঙে কয়, ‘ভাৰতে চলোৱা অপাৰেছন সিন্দুৰ আৰু অপাৰেছন কাগাৰৰ বিষয়ে বৈঠকত বিস্তৃতভাৱে আলোচনা কৰা হয়। এই আলোচনাত ভাৰতীয় সেনাৰ সাহস, কৌশল আৰু দক্ষতাক প্রশংসা কৰি সেনাৰ প্ৰতি ঐক্যবদ্ধ সমর্থনো প্ৰকাশ কৰা হয়। সভাত নতুন ৰাষ্ট্ৰীয় শিক্ষানীতিৰ ওপৰতো বিস্তৃতভাবে আলোচনা কৰা হয়। বৈঠকৰ আন এক সিদ্ধান্ত অনুসৰি, জৰুৰীকালীন অৱস্থাৰ ৫০ বছৰীয়া জয়ন্তীৰ লগত সংগতি ৰাখি অহা ২৫ জুনৰ পৰা দুবছৰ ধৰি আমি এক বিশেষ কার্যৰ্যসূচী ৰূপায়ণ কৰিম।
এই কাৰ্যসূচীত জৰুৰীকালীন সময়ত গ্ৰেপ্তাৰ হোৱা আৰু আমাৰ সংগঠনৰ প্রাক্তন কর্মকর্তাসকলৰ স’তে আলোচনা অনুষ্ঠিত কৰা, সমাৱেশৰো আয়োজন কৰা হ’ব। বিশ্ববিদ্যালয়ৰ চৌহদত এই কাৰ্যসূচী ৰূপায়ণ কৰা হ’ব। ইয়াৰ উপৰি সংঘৰ শতবৰ্ষৰ লগত সংগতি ৰাখি সাংগঠনিক কাম-কাজত সম্প্ৰসাৰণ আৰু মানৰ ওপৰত বিশেষ গুৰুত্ব দিয়া হ’ব। বৈঠকত গৃহীত এক সিদ্ধান্ত মর্মে ভগৱান বীৰছা মুণ্ডাৰ ডেৰশ বছৰীয়া জয়ন্তী তেওঁৰ জীৱন আৰু অৱদানক আধাৰ কৰি বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা হ’ব। একেদৰে ৰাণী আব্বাকাৰ পাঁচশ সংখ্যক জন্মজয়ন্তীও বিস্তৃতভাৱে পালন কৰা হ’ব। একেদৰে যশৱন্তৰাওৰ জন্ম শতবার্ষিকী বিস্তৃত কাৰ্যসূচীৰে পালন কৰা হ’ব।’