Cm Himanta Viswa Sarma:
পবিত্ৰ ঈদ-উজ-জোহাৰ সময়ত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ কেতবোৰ স্থানত গো-ধনৰ শৰীৰৰ অংশ উদ্ধাৰক লৈ অব্যাহত আছে উত্তেজনা | ঘটনা সন্দৰ্ভত সামাজিক মাধ্যমযোগে প্ৰতিক্ৰিয়া প্ৰকাশ মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ | আইন উলংঘাকাৰীৰ বিৰুদ্ধে আৰক্ষীক কঠোৰ ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ |
এই সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয়,আমাৰ সংবিধানে ধৰ্মীয় স্বাধীনতাৰ অধিকাৰ সুনিশ্চিত কৰাৰ সমান্তৰালভাৱে আইনৰ শাসন আৰু জন শৃংখলা সমানে ৰক্ষা কৰে। এই ঈদ-উজ-জোহাত সমগ্র অসমৰ একাধিক স্থানৰ পৰা অবৈধভাৱে গো বধ আৰু গৰুৰ অংশ উদ্ধাৰৰ বিৰক্তিকৰ ঘটনা সংঘটিত হোৱাৰ বাতৰি পোৱা গৈছে ৷
সেই অনুসৰি মহানগৰীৰ কটন বিশ্ববিদ্যালয় , ধুবুৰী, হোজাই আৰু শ্রীভূমি (বাগৰগুল) ৰ নিকটকে ধৰি ৫টা স্থানত গো-মাংস পোৱা গৈছে। একেদৰে ৫টা অবৈধভাৱে গো- বধ কৰা স্থানৰ তথ্য পোহৰলৈ আহিছে ৷ কাছাৰত ৩টা (গুমৰা, শিলচৰ, লক্ষীপুৰ) আৰু কৰিমগঞ্জত ২টা (বদৰপুৰ, বংগা)।
ইতিমধ্যে এই ঘটনাবোৰৰ সম্পৰ্কত আৰক্ষীয়ে ক্ষীপ্ৰতাৰে অভিযান চলাই আটক কৰিছে ১৬জনক ৷ কাছাৰৰ ৯জন আৰু শ্ৰীভূমিৰ ৭জন।
মুখ্যমন্ত্ৰীয়ে আৰু কয় যে,আমি সাম্প্রদায়িক সম্প্রীতি ৰক্ষাৰ প্ৰতি সদায় দায়বদ্ধ। কিন্তু আইন বর্হিভূত বা নিষ্ঠুৰতাক আমি মানি ল’ব নোৱাৰিম। বিশ্বাস আৰু পটভূমি নির্বিশেষে সকলো আইন উলংঘাকাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব।