Three Students Dead:
কামৰূপ গ্ৰাম্যৰ কমলপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত বৰহাটা ননৰাত শনিবাৰে সংঘটিত হয় এক কৰুণ ঘটনা।বৰাহাটা-ননৰাৰ মাজেৰে বৈ যোৱা ক’লাজল নৈৰ কাষত জন্মদিন উদযাপন কৰিবলৈ যোৱা তিনিজন ছাত্ৰক নদীৰ কোৱাল সোঁতে উটুৱাই নিয়ে। ইয়াৰ দুজনৰ মৃতদেহ উদ্ধাৰ কৰাৰ লগতে আন এজনৰ সন্ধান নিশা পর্যন্ত ওলোৱা নাই।
নিহত ছাত্রদ্বয় চৈত্যেন্দ্ৰ চৌধুৰীৰ পুত্ৰ দীক্ষিত চৌধুৰী, মাজগাঁৱৰ দিলীপ ডেকাৰ পুত্ৰ তথা সপ্তম শ্ৰেণীৰ ছাত্ৰ ঋষভ ডেকা বুলি আৰক্ষীয়ে চিনাক্ত কৰিছে। আনহাতে, নিৰুদ্দেশ হৈ থকা আনজন ছাত্ৰ হৈছে ৰত্নেশ্বৰ কলিতাৰ পুত্ৰ তথা নৱম শ্ৰেণীৰ ছাত্ৰ হৰিনিশ কাশ্যপ। কাশ্যপৰ সন্ধানত নিশা পর্যন্ত উদ্ধাৰকাৰী বাহিনীৰে অভিযান অব্যাহত আছে।
উল্লেখ্য যে এই ঘটনাত দুজন ছাত্ৰৰ কথমপি প্ৰাণৰক্ষা পৰে। ঘটনাক্রমে দশম শ্ৰেণীৰ ছাত্র দীক্ষিত চৌধুৰীয়ে চাৰি বন্ধুৰ স’তে জন্মদিন উদযাপন কৰাৰ উদ্দেশ্যে ক’লাজল নদীৰ পাৰত উপস্থিত হৈছিল। দুচকীয়া বাহন আৰু চাইকেলৰে নদীৰ পাৰত উপস্থিত হৈ পাঁচোজনে জন্মদিন উদযাপন কৰিছিল। তাৰ মাজতে দীক্ষিত, ঋষভআৰু হৰিনিশে গা ধুবলৈ বুলি নদীত নামিছিল আৰু গা ধুই থাকোতে তিনিওকে পানীৰ সোঁতে উটুৱাই লৈ যায়।
ইয়াৰ পাছতে ঘটনা প্রত্যক্ষ কৰি আন দুই ছাত্রই চিঞৰ-বাখৰ কৰে আৰু ঘটনাস্থলীত অঞ্চলটোৰ বৃহৎ সংখ্যক লোক উপস্থিত হৈ উদ্ধাৰ অভিযান চলায়। সমান্তৰালভাৱে কিছু সময়ৰ পাছতে ঘটনাস্থলীত আৰক্ষী আৰু উদ্ধাৰকাৰী দল উপস্থিত হৈ অভিযান চলাই আৰু নিশা দুজনৰ মৃতদেহ উদ্ধাৰ কৰাৰ লগতে আনজনৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে। এই ঘটনাই সমগ্র অঞ্চলটোত শোকৰ ছাঁ পেলাইছে। উল্লেখ্য যে ঘটনাস্থলীত জিলা আয়ুক্ত দেৱ কুমাৰ মিশ্র, কমলপুৰৰ বিধায়ক দিগন্ত কলিতা আদি উপস্থিত হৈ অভিযানৰ তদাৰক কৰে ৷