দিনটোৰ ৰাশিফল

images 8

Horoscope: মেষ: পৰিয়ালৰ ক্ষেত্ৰত শুভ। কোনো অশুভ সংবাদে মানসিক অশান্তি দিব। প্রেমত সাৱধান হোৱা ভাল। শুভ ৰং বেঙুনীয়া।

ADVERTISEMENT

বৃষ: ধৈর্য সহকাৰে কাম কৰিলে ভাল ফল পাব। আপোনাৰ অমনোযোগিতাৰ সুযোগ লৈ কোনোবাই আপোনাৰ ক্ষতি কৰিব পাৰে। শুভ ৰং নীলা।

মিথুন: শিক্ষাৰ্থীৰ শুভ। দুৰ্ঘটনাৰ সম্ভাৱনা দেখা যায়। ব্যৱসায়ত নতুন পৰিচয় লাভ কৰিব। কৰ্মত শুভ। শুভ ৰং ক্ৰীম।

কর্কট: ব্যৱসায়ীসকলৰ শুভ। বিদ্যার্থীৰ বাবেও শুভ। বিবাহ প্ৰাৰ্থীৰ বিবাহৰ যোগ। শুভ ৰং ক’লা।

সিংহ: পৰিয়ালৰ ক্ষেত্ৰত শুভ হ’লেও সন্তানৰ কাৰণে চিন্তা থাকিব। আয় বৃদ্ধিৰ সম্ভাৱনা। শুভ ৰং সোণালী।

কন্যা: সঞ্চয় কৰিলে ভাল। ব্যৱসায়ী আৰু বিদ্যার্থীৰ বাবে শুভ। সন্তানৰ শুভ। শুভ ৰং মেৰুণ।

তুলা: ৰাজনীতিবিদসকলৰ বিভিন্ন ধৰণৰ চিন্তা আহি পৰিব। চাকৰিয়ালে সুসংবাদ পাব। প্রেমত অশান্ত। শুভ ৰং কমলা।

বৃশ্চিক: চাকৰিয়ালসকলৰ কৰ্তৃপক্ষৰ লগত মতবিৰোধ হ’ব পাৰে। শিক্ষাৰ্থীৰ নতুন সুযোগ আহিব। শুভ ৰং বগা।

ধনু: সাৱধানে চলা-ফিৰা কৰিব। দেহত আঘাতপ্রাপ্ত হোৱাৰ সম্ভাৱনা আছে। পুৰণি কোনো ৰোগ উপশম হোৱাৰ যোগ। শুভ ৰং ৰূপালী।

মকৰ : আজি যিকোনো সমস্যাই দেখা দিব। ব্যৱসায়ীসকলৰ শুভ। প্রেমত মধ্যম। শুভ ৰং সেউজীয়া।

কুম্ভ: বিদ্যার্থীসকলৰ শুভ। বন্ধুৰ লগত মতবিৰোধ হ’ব পাৰে। ঘৰুৱা শুভ। দূৰ ভ্ৰমণৰ যোগ। শুভ ৰং হালধীয়া।

মীন: বন্ধুৰ পৰা উপকৃত হ’ব। প্ৰেমত শান্তি। কাম-কাজত উৎসাহ পাব। শৰীৰৰ যত্ন লওক। শুভ ৰং বগা।

Exit mobile version