Horoscope:মেষঃ খৰচ-পাতিত হাত ধৰি চলক। মজুত ধন আৱশ্যকত ওলাব লাগিব। বিদ্যাৰ্জনক সাধাৰণ খেলি-মেলি থাকিব। পূজ্যজনৰ লগত কিবা কাৰণত মন বিতুষ্টি দেখা যায়। ভ্রমণত কষ্ট। শুভ ৰং ৰঙা, শুভ সংখ্যা ৫।
বৃষ: দিনটো কিছু সাৱধানেৰে পাৰ কৰাৰ চেষ্টা কৰক। ঘৰুৱা কথাত মত বিনিময় কৰোতে নিজক বেছি অগ্ৰাধিকাৰ নিদিব। শৰীৰ সম্পৰ্কীয় বিষয়ত একেবাৰে অন্যমনস্ক নহ’ব। বিদ্যাত মধ্যম। শুভ ৰং নীলা। শুভ সংখ্যা ৩।
মিথুন: কর্মস্থানত পূৰ্বৰ দক্ষতা ঘূৰি অহা যেন লাগিব। কিছুমান যোগাযোগ সান্নিধ্যত সুখ পাব। শৰীৰ সম্পৰ্কেও বেছি দুৰ্ভাৱনা নাই। শুভ ৰং বগা। শুভ সংখ্যা ৪1
কর্কট: ব্যয় বাহুল্য কোনো সম্পদ ক্রয় বা ভ্ৰমণাদি নকৰিব। যিটো কৰো বুলি ভাবে আপোনাৰ সহযোগীৰ লগত পৰামৰ্শ কৰক। আৰ্থিকত সমস্যা আহিব পাৰে। শুভ ৰং ৰূপালী। শুভ সংখ্যা ১।
সিংহ: কোনো কাৰণে সম্ভৱস্থলত উৎসাহিত সন্মানিত হোৱাৰ সুযোগ পাব। মন ভাল লগা পৰিবেশত থাকি সুখ পাব। বিদ্যার্থীয়ে যত্ন কৰক। ভ্ৰমণত বাধা কম। শৰীৰ মধ্যম। শুভ ৰং নীলা। শুভ সংখ্যা ৯।
কন্যা: কর্মস্থানত যোগ্যতা দেখুৱাব পাৰিব। বিভিন্ন লোকৰ সান্নিধ্য লাভৰ সুযোগ আছে। ঘৰুৱা পৰিৱেশ কিছু উন্নত। প্রেমী-প্রীতিত দুশ্চিন্তা।
তুলা: কৰ্মান্তৰ গ্ৰহণ আৰু নতুনভাৱে জীৱন ধাৰণৰ শুভ সূচনা। মাটিবাৰী সংক্রান্ত ব্যৱসায় লাভজনক হ’ব পাৰে। কৰ্মক্ষেত্ৰত আর্থিক লেন-দেনত সাৱধান হ’ব। শুভ ৰং নীলা। শুভ সংখ্যা ৩।
বৃশ্চিক: উপযুক্ত কোনোৱে সুসন্মানিত হ’ব কর্মস্থানতো সচৰাচৰৰ বিশেষ পৰিৱৰ্তন নহ’ব। কিন্তু হঠাৎ উপৰঞ্চি দায়িত্ব পৰাত বৰঞ্চ উপকৃত হ’ব। তথাপি প্রতিটো খোজ সাৱধানেৰে দিয়ক। শুভ ৰং হালধীয়া, শুভ সংখ্যা ১
ধনু: ব্যৱসায়-বাণিজ্যত লাগি থকাসকলে কিছু উপকৃত হ’ব। চাকৰি বা কর্মতো উৎসাহ থাকিব। নিজে পাতি লোৱা কোনো দায়িত্বত কৃতকার্য হৈ আনন্দিত হ’ব। প্রেমত মজলীয়া ফল।
মকৰ: কোনো সংবাদত মিশ্রিত প্রতিক্রিয়া হ’ব পাৰে। বিদ্যাতো অকাৰণত মন ভালে নাযাব। আর্থিকত মধ্যম ফল। ধাৰ ঋণৰ কথাৰ চিন্তা কম কৰক। কৰ্মস্থানত শুভ ফল।
কুম্ভ: কৰ্মৰ মাজৰ অশুভ কিবা দেখিল উদ্বিগ্ন নহৈ কাৰণ কি বিচাৰ কৰক। গতানুগতিক কামত বাধা কম দেখিব। কিন্তু নতুন কাম বা ভ্ৰমণাদি পাৰিলে স্থগিত ৰাখক। বিদ্যাত বাধা।
মীন: উন্নত পৰিৱেশ আশা কৰা যায়। একেদৰে বন্ধুবৰ্গৰ পৰা কর্মস্থানতো অসুবিধা দেখা নাযায়। ভ্ৰমণৰ প্ৰয়োজন হ’ব পাৰে। উদ্দেশ্য সিদ্ধি। কিন্তু সন্তানক লৈ চিন্তা থাকিব।































