পৰিয়ালৰ স’তে কথা পাতিব পাৰিব ৰাণাই, মুম্বাই আক্ৰমণৰ মাষ্টাৰমাইণ্ডৰ আবেদন মঞ্জুৰ আদালতৰ

1744364158 rana nia

Tahawwur Rana:পৰিয়ালৰ স’তে কথা পাতিব পাৰিব মুম্বাই আক্ৰমণৰ মাষ্টাৰমাইণ্ড তাহাউৰ ৰানাই। সোমবাৰে দিল্লীৰ পাটিয়ালা হাউছ কোৰ্টে মঞ্জুৰ কৰে তেওঁৰ আবেদন।

ADVERTISEMENT

আদালতে জনাইছে, কটকটীয়া নিৰাপত্তাৰ অধীনত ৰাণাক পৰিয়ালৰ স’তে এবাৰহে ফোনত কথা পাতিবলৈ দিয়া হ’ব।

আনহাতে, অহা দহ দিনৰ ভিতৰত কাৰাগাৰ কৰ্তৃপক্ষক মুম্বাই আক্ৰমণৰ মাষ্টাৰমাইণ্ডৰ স্বাস্থ্য সম্পৰ্কীয় দ্বিতীয়টো প্ৰতিবেদন দাখিল কৰিবলৈও আদালতে নিৰ্দেশ দিছে।

অনাগত দিনত তাহাউৰক নিয়মীয়াকৈ ফোনত কথা পাতিবলৈ দিয়া হ’ব নে নহয় সেই সন্দৰ্ভতো কাৰাগাৰ কৰ্তৃপক্ষক নিজৰ স্থিতি স্পষ্ট কৰিবলৈ নিৰ্দেশ দিছে পাটিয়ালা হাউছ কোৰ্টে।

উল্লেখ্য যে, ২০০৮ চনৰ ২৬ নৱেম্বৰত মুম্বাইত আক্ৰমণ কৰা পাকিস্তানী সন্ত্ৰাসবাদীৰ অন্যতম পৃষ্ঠপোষক আছিল ৰাণা।আক্ৰমণৰ অন্যতম ষড়যন্ত্ৰকাৰী আছিল আমেৰিকাৰ নাগৰিক ডেভিল ক’লমেন হেডলী, যাৰ লগত ৰাণা ঘনিষ্ঠ।

প্ৰায় ডেৰ দশক ধৰি ভাৰতে এই অপৰাধীজনক ধৰিবলৈ চেষ্টা কৰি আহিছে। ২০১৩ চনত আমেৰিকাৰ আদালতে তেওঁক ১৪ বছৰৰ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰে।

২০২০ চনত প্ৰশাসনে তেওঁৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি মুকলি কৰি দিয়াৰ সিদ্ধান্ত লয়।

কিন্তু ভাৰতে প্ৰত্যাৰ্পণ কৰিবলৈ অনুৰোধ জনোৱাৰ পিছতে তেওঁক পুনৰ হত্যাৰ গোচৰত গ্ৰেপ্তাৰ কৰা হয়। ইয়াৰ পাছতহে আমেৰিকা প্ৰশাসনে সন্ত্ৰাসবাদীজনক দিল্লীৰ জিম্মাত গতাই দিবলৈ আদালতত আবেদন জনায়।

২০২৩ চনৰ ১৬ মে’ত কেলিফৰ্ণিয়াৰ জিলা আদালতে ৰাণাক প্ৰত্যাৰ্পণৰ নিৰ্দেশ দিয়ে। ইয়াৰ পাছত ৰাণাই আন কেবাটাও স্থানত আবেদন জনায়। অৱশেষত ৰাণাই আমেৰিকাৰ উচ্চতম ন্যায়ালয়ত আবেদন জনায়। কিন্তু তেওঁ ক’তো সকাহ নাপালে।

ইয়াৰ পাছতে যোৱা বছৰৰ আগষ্ট মাহত ৱাশ্বিংটনৰ ফেডাৰেল আদালতে ৰাণাক ভাৰতলৈ প্ৰত্যাৰ্পণ কৰিব পৰা যাব বুলি ৰায় দিয়ে। তেওঁ ওলোটাই আবেদন দাখিল কৰিলে, কিন্তু তাৰ পৰাও একো নহ’ল।

সকলো প্ৰচেষ্টা বিফল হোৱাৰ পাছতহে প্ৰত্যাৰ্পণ প্ৰক্ৰিয়া সম্পূৰ্ণ হৈছিল। বৰ্তমান ৰাণা দিল্লীৰ তিহাৰ কাৰাগাৰত বন্দী হৈ আছে।

Exit mobile version