Colombia:ভয়াৱহ ভূমিকম্পত কঁপি উঠিল দক্ষিণ আমেৰিকাৰ কলম্বিয়া। ৰিখটাৰ স্কেলত কম্পনৰ মাত্ৰা আছিল ৬.৩। আমেৰিকাৰ ভূতাত্ত্বিক জৰীপৰ তথ্য অনুসৰি ভূমিকম্পৰ কেন্দ্ৰবিন্দু পাৰাট’ভিয়ানো চহৰৰ পৰা ১৭ কিলোমিটাৰ দূৰত আৰু ভূপৃষ্ঠৰ পৰা মাত্ৰ ১০ কিলোমিটাৰ তলত।
ADVERTISEMENT
ৰাজধানী বগোটাত ভাঙি পৰিছে বহু ঘৰ ।সূত্ৰ অনুসৰি দেওবাৰে স্থানীয় সময় অনুসৰি পুৱা ৮:০৮ বজাত বগোটা আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলসমূহ এক প্ৰবল ভূমিকম্পই জোকাৰি যায়।
ইয়াৰ পাছতে সমগ্ৰ দেশতে আতংক বিয়পি পৰে।যদিও আনুষ্ঠানিক কোনো তথ্য প্ৰকাশ কৰা হোৱা নাই, তথাপিও ভূমিকম্পৰ ফলত ব্যাপক ক্ষতি হোৱাৰ সম্ভাৱনা আছে। বগোটাৰ কেবাটাও ঘৰ ভাঙি পৰিছে।