Raja Raghubangsri Murder Case Update:ৰাজা ৰঘুবংশীৰ হত্যাকাণ্ডত জড়িত ৪ অভিযুক্তক ৭ দিনৰ ট্রেনজিৎ ৰিমাণ্ডত ল’লে মেঘালয় আৰক্ষীয়ে

বিয়লি ৩-৫৫ গুৱাহাটী বিমান কোঠৰ পৰা ৪ অভিযুক্তক নিয়া হ'ব শ্বিলঙলৈ

sonam 1

Raja Raghubangsri Murder Case Update:

মেঘালয় আৰু ইন্দোৰ আৰক্ষীয়ে দেওবাৰে নিশাৰে পৰা উত্তৰ প্ৰদেশৰ গাজিদাবাদত অভিযান চলাই এই হত্যাকাণ্ডত জড়িত থকাৰ অভিযোগত নিহত ব্যৱসায়ী ৰাজা ৰঘুবংশীৰ নৱ বিবাহিতা পত্নী ছোনম ৰঘুবংশী, তেওঁৰ ‘চর্চিত’ প্রেমিক ৰাজ কুছৱাহাসহ মুঠ চাৰিজনক গ্ৰেপ্তাৰ কৰা হয়। গ্ৰেপ্তাৰৰ পূৰ্বে ছোনমে উত্তৰপ্ৰদেশত আৰক্ষীৰ ওচৰত আত্মসমর্পণ কৰিছিল। মেঘালয়ৰ পূব খাছী জিলাৰ আৰক্ষী অধীক্ষক বিবেক চিয়েমে এই কথা সদৰি কৰে ৷

ADVERTISEMENT

আনহাতে স্বামীহন্তা ছোনম ৰঘুবংশী,তেওঁৰ প্ৰেমিক ৰাজ কুশবাহাসহ আন ২ ছুপাৰী কিলাৰ বিশাল চৌহান, আকাশ ৰাজপুতক ৭ দিনৰ ট্রেনজিৎ ৰিমাণ্ডত লয় মেঘালয় আৰক্ষীয়ে ৷ ইপিনে তৃতীয়জন ছুপাৰী কিলাৰ আনন্দ কুর্মীক আজি আদালতত হাজিৰ কৰি ট্রেনজিৎ ৰিমাণ্ডত ল’ব মেঘালয় আৰক্ষীয়ে ৷

শেহতীয়া খবৰ অনুসৰি চোনম আৰু তেওঁৰ প্ৰেমিকক ৰাজ কুছৱাহাক বৰ্তমান ৰখা হৈছে পাটনাৰ লকআপত ৷ মেঘালয় আৰক্ষীয়ে আজি বিয়লি ৩-৫৫ বজাত ৰাজা ৰঘুবংশীৰ ৪ হত্যাকাৰীক লৈ গুৱাহাটী বিমানকোঠ অৱতৰণ কৰি তাৰ পৰা পোনে পোনে শ্বিলঙলৈ নিব ৷ তাৰ পিছত আদালতত হাজিৰ কৰিব আটাইকেই গৰাকী অভিযুক্তকে।

Exit mobile version