Teaching schedule has changed:
উৎকট গৰমে দহিছে ৰাজ্য ৷ যোৱা কেইদিনমানৰ পৰা অব্যাহত থকা অত্যাধিক গৰমৰ বাবে বহু জিলাত পাঠদানত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে শিক্ষাৰ্থী সকল ৷ কামৰূপ মহানগৰ জিলাত পাঠদানৰ সময়সূচী সলনিৰ নিৰ্দেশনা জাৰি কৰে জিলা প্ৰাথমিক শিক্ষা বিষয়া দীপিকা চৌধুৰীয়ে ৷ এই নিৰ্দেশনা অহা বুধবাৰৰ পৰা সোমবাৰলৈ কাৰ্যকৰী হ’ব ।
নতুন নিৰ্দেশনা অনুসৰি প্ৰাথমিক বিদ্যালয়ৰ পাঠদান ৭.৩০ বজাৰ পৰা আৰম্ভ হৈ ১১.৩০ বজাত শেষ হ’ব ৷ একেদৰে মজলীয়া বিদ্যালয় সমূহৰ পাঠদান ৭.৩০ বজাৰ পৰা আৰম্ভ হৈ ১২ বজাত অন্ত পৰিব ৷ আনহাতে হাইস্কুল আৰু উচ্চতৰ মাধ্যমিক সমূহৰ পাঠদান পুৱা ৭.৩০ বজাৰ পৰা আৰম্ভ হৈ ১২.৩০ বজাত শেষ হ’ব ৷ উল্লেখ্য যে এই নিৰ্দেশনা প্ৰযোজ্য হ’ব কামৰূপ মহানগৰ জিলাৰ ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানৰ ক্ষেত্ৰতো।