কাশ্মীৰত সেনাৰ পোছাক পৰিহিত দুজন সন্ত্ৰাসবাদী! অভিযান আৰম্ভ

IMG 20250611 170927

Jammu and Kashmir: পুনৰ জম্মু-কাশ্মীৰত দেখিবলৈ পোৱা গ’ল দুজন সেনা পোছাক পৰিধান কৰা সন্ত্ৰাসবাদী। ঘটনাটোৱে স্বাভাৱিকতে উপত্যকাত উদ্বিগ্নতা বৃদ্ধি কৰিছে।

ADVERTISEMENT

সন্দেহযুক্ত উগ্ৰপন্থী দুজনক আটক কৰিবলৈ আৰম্ভ কৰা হৈছে তালাচী অভিযান।

সেনাই জনোৱা মতে, মঙলবাৰে নিশা চাম্বা জিলাৰ নুদ গাঁৱৰ এখন বিদ্যালয়ৰ সমীপত দুজন সন্দেহযুক্ত লোকে বিচৰণ কৰি থকা দেখা পায়। দুয়োজনে সেনাবাহিনীৰ দৰে আগ্নেয়াস্ত্ৰ লৈ আহিছিল।

স্থানীয় ৰাইজৰ সন্দেহজনক হৈ পৰাত আৰক্ষীক এই ঘটনাৰ খবৰ দিয়ে। লগে লগে নিৰাপত্তা বাহিনীয়ে অঞ্চলটো ঘেৰাও কৰে। নিশাৰ পৰা অঞ্চলটোত কম্বিং অনুসন্ধান আৰম্ভ হৈছে। সন্দেহযুক্ত দুজন উগ্ৰপন্থী বুলি সন্দেহ কৰা হৈছে।

সেনা-আৰক্ষীৰ যৌথ বাহিনীয়ে সমগ্ৰ অঞ্চলটো ঘেৰাও কৰি অভিযান আৰম্ভ কৰিছে।

অঞ্চলতোৰ আশে-পাশে সতৰ্কতা জাৰি কৰা হৈছে। সেনাই আশ্বাস দিছে যে শীঘ্ৰে এই দুই সন্দেহযুক্ত লোকক গ্ৰেপ্তাৰ কৰা হ’ব।

Exit mobile version