GMC Mayor Mrigen sarania:
গুৱাহাটী পৌৰ নিগমৰ বিশেষ পদক্ষেপ ৷ জনজাতি আৰু অনুসূচিত জাতিৰ মহিলা ব্যৱসায়ী সকলৰ বাবে স্থান সংৰক্ষণ জিএমচিৰ ৷ মহানগৰীৰ সাউকুচীৰ বুধবৰীয়া বজাৰত জনজাতি আৰু অনুসূচিত জাতিৰ মহিলাই ব্যৱসায়ৰ বাবে এতিয়াৰ পৰা দিব নালাগে কোনো মাচুল । বুধবাৰে গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াই সাউকুছিৰ বুধবৰীয়া বজাৰত সংৰক্ষিত স্থান মুকলি কৰে ৷
মেয়ৰ শৰণীয়াই সাংবাদিকৰে হোৱা এক বাৰ্তালাপত কয় যে, মহানগৰীৰ পাৰ্কিং শ্লটত এতিয়াৰ পৰা দুচকীয়া আৰু তিনিচকীয়া বাহনে ভৰিব নালাগে কোনো মাচুল ৷ অৱশ্যে চাৰিচকীয়া বাহনে ভৰিব লাগিব মাচুল ৷ প্ৰথম ঘন্টাৰ বাবে ১০ টকা ,পিছৰ প্ৰতি ঘন্টাত মাচুল ভৰিব লাগিব ২০ ঘন্টাকৈ ৷ অচিৰেই জিএমচি-এ ৪৮ টা পাৰ্কিং শ্লট মুকলি কৰা হ’ব ৷ ৷