Kidnapper Arrested In Guwahati:
ক্ৰমাৎ অপৰাধ নগৰীলৈ পৰ্যবেশিত হৈছে গুৱাহাটী মহানগৰ ৷ দিন দুপৰতে অপৰাধীয়ে নিবিঘ্নে চলাই গৈছে ইটোৰ পিছত সিটোকৈ অপৰাধমূলক কাৰ্য ৷ এফালে যদি চোৰৰ চাফাই অভিযান আনফালে চিলনী চোৰৰ সন্ত্ৰাস ৷
মঙলবাৰে দিন দুপৰতে মহানগৰীৰ সদাব্যস্ত ভৰলুমুখত চাইকেল চলাই গৈ থকা এজন লোকক চাৰিচকীয়া বাহনত অহা দুৰ্বৃত্তই অপহৰণ কৰি লৈ যায় ৷ ইয়াৰ পিছতে লাগে হুৱাদুৱা ৷ অৱশ্যে অপহৰণকাৰীয়ে নিশাভাগত লোকজনক নীলাচল পাহাৰৰ কামাখ্যা গেইটৰ ওচৰত এৰি দিয়ে ৷ ভুক্তভোগী লোকজনৰ নাম মুনীন্দ্ৰ দাস ৷ তেওঁৰ ঘৰ কাহিলীপাৰাত ৷ পেছাগত হিচাপে এজন শাক-পাচলিৰ ক্ষুদ্ৰ ব্যৱসায়ী ৷ অন্য দিনৰ দৰে মঙলবাৰেও শাক-পাচলি বিক্ৰী কৰি নিজৰ চাইকেলেৰে গৃহাভিমুখী হোৱাৰ পথত অপহৰণকাৰীয়ে তেওঁক অপহৰণ কৰি লৈ যায় আৰু হাতত থকা পোন্ধৰশ টকাও লুট কৰি নিয়ে ৷
ইতিমধ্যে মুনীন্দ্ৰ দাসে এই সমস্ত কথা সদৰি কৰিছে ভৰলুমুখ আৰক্ষীক ৷
আনহাতে ভৰলুমুখ আৰক্ষীয়ে নিশাই ক্ষীপ্ৰতাৰে অভিযান চলাই চাৰি অপহৰণকাৰীক গ্ৰেপ্তাৰ কৰে ৷ এজনক হাতীগাঁৱৰ পৰা ,আন এজনক সৰ্থেবাৰী আৰু অন্য দুজনক হাজোৰ পৰা গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ৷ এতিয়াও আৰু দুজন অপহৰণকাৰীৰ সন্ধানত আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে ৷ আৰক্ষীৰ জালত পৰা চাৰি অপহৰণকাৰীৰ নাম চিৰাজুল ইছলাম( হাতীগাঁও),বাবুল আলী ওৰফে মোনাফ আলী(সৰ্থেবাৰী)জাকিৰ আলী আৰু চাহেব আলী(হাজো) ৷
ভৰলুমুখ আৰক্ষীয়ে অপহৰণত ব্যৱহ্ত এএছ০১-জিই-৩৫৪৩ নম্বৰৰ বগা ৰঙৰ চাৰিচকীয়া বাহন খনো জব্দ কৰিছে ৷ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে বৰ্তমান অব্যাহত ৰাখিছে তদন্ত ৷
সেয়েহে আপুনি গুৱাহাটীত ঘূৰা- ফুৰা কৰোতে হওক সাৱধান ৷ কিয়নো মহানগৰীত যেন এতিয়া দুৰ্বৃত্তৰ টিঘিলঘিলনি ৷ এনেক্ষেত্ৰত যিকোনো লোকৰ চাল চলনত সন্দেহ হ’লেই আৰক্ষী বা নিকটৱৰ্তী আৰক্ষী থানাত জনাওক ৷