Udarband Fire:উধাৰবন্দৰ এএচইবিৰ কন্ট্রোল ৰূমত বিধ্বংসী অগ্নিকাণ্ড

অগ্নিকাণ্ডত ভস্মীভূত কেইবাটাও ট্রেন্সফৰ্মাৰ অগ্নিনির্বাপক

fire

Udharband Fire:

কাছাৰ জিলাৰ উধাৰবন্দৰত বিধ্বংসী অগ্নিকাণ্ড ৷ উধাৰবন্দৰৰ এপিডিচিএলৰ কন্ট্রোল ৰূমত মঙলবাৰে নিশা সংঘটিত হোৱা এক ভয়ংকৰ অগ্নিকাণ্ডত সম্পূৰ্ণৰূপে ভস্মীভূত হয় কেইবাটাও ট্রেন্সফৰ্মাৰ ৷

নিশা সংঘটিত অগ্নিকাণ্ডৰ পিছতী হুৱাদুৱা লাগে ৷ ঘটনাস্থলীত ততাতৈয়াকৈ উপস্থিত হয় অগ্নিনির্বাপক বাহিনীৰ গাড়ী। কে’বাখনো বাহনে প্ৰায় দুঘণ্টাজুৰি অহৰহ প্ৰচেষ্টাৰ অন্তত জুই নিৰ্বাপিত কৰিবলৈ সক্ষম হয় ৷ কেনেকৈ অগ্নিকাণ্ডৰ সুত্ৰপাত হ’ল জানিব পৰা হোৱা নাই ৷ আজি পুৱা ঘটনাস্থলী পৰিদৰ্শন কৰি পৰ্যবেক্ষণ কৰে এপিডিচিএলৰ শীৰ্ষ বিষয়াই ৷

Exit mobile version