আহমেদাবাদত দুৰ্ঘটনাগ্ৰস্ত এয়াৰ ইন্ডিয়াৰ বিমান, কমেও ২০০ জনৰ মৃত্যুৰ আশংকা

IMG 20250612 150653

Ahmedabad:আহমেদাবাদত ভাঙি পৰিল যাত্ৰীবাহী বিমান।তথ্য অনুসৰি বৃহস্পতিবাৰে বিয়লি আহমেদাবাদৰ মেঘনিনগৰত এয়াৰ ইণ্ডিয়াৰ এখন বিমান দুৰ্ঘটনাগ্ৰস্ত হয়।

ADVERTISEMENT

লণ্ডন অভিমুখী বিমান দুৰ্ঘটনাত কমেও ২০০ লোকৰ মৃত্যুৰ আশংকা। প্ৰাথমিক তথ্য অনুসৰি বিমানখন বিমানবন্দৰৰ বহু ওচৰত দুৰ্ঘটনাগ্ৰস্ত হয়।

গুজৰাট আৰক্ষীয়ে জনোৱা মতে, বিমানখনত ২৪২ জন যাত্ৰী আছিল। ঘটনাস্থলীত ততাতৈয়াকৈ উপস্থিত হৈছে উদ্ধাৰকাৰী দল।

আহমেদাবাদত সংঘটিত হোৱা ভয়ানক দুৰ্ঘটনাৰ খবৰ পাই গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেলৰ স’তে কথা পাতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে।

গুজৰাটৰ গৃহমন্ত্ৰী তথা আৰক্ষী আয়ুক্তৰ স’তেও বিমান দুৰ্ঘটনা সন্দৰ্ভত বাৰ্তালাপ কৰে। লগতে শ্বাহে কেন্দ্ৰীয় চৰকাৰৰ পৰাও সম্ভৱপৰ সকলো সহায়ৰ আশ্বাস দিয়ে।

প্ৰথম অৱস্থাত তথ্য পোৱা অনুসৰি,বৃহস্পতিবাৰে দিনৰ ১:১০ বজাত আহমেদাবাদৰ পৰা লণ্ডন অভিমুখে বিমানখন উৰা মাৰিছিল ।উৰণৰ কিছু সময়ৰ পিছতে দুৰ্ঘটনাগ্ৰস্ত হয় AI171 বিমানখন।

ইতিমধ্যে গান্ধীনগৰৰ পৰা দুৰ্ঘটনাস্থলীলৈ ৯০ জন ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমন বাহিনীৰ জোৱান প্ৰেৰণ কৰা হৈছে। বদোদৰাৰ পৰা আন ৯০ জন জোৱান প্ৰেৰণ কৰা হৈছে।

বিমান কৰ্তৃপক্ষইও এই ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে। ডিজিচিএই জানিবলৈ দিয়া মতে, কেপ্তেইন সুমিত সভাৰৱালে বিমানখন উৰণৰ দায়িত্বত আছিল।

আহমেদাবাদৰ পৰা উৰণৰ কিছু সময়ৰ পাছতে বিমানখন দুৰ্ঘটনাগ্ৰস্ত হয়। পাইলট আৰু ১০ জন কেবিন ক্ৰুকে ধৰি ২৪২ জন লোক আছিল।

Exit mobile version