এই তিনিটা খাদ্যত আছে চুলিৰ সমস্যাৰ সমাধান !

ingredients to mix with fenugreek seeds feat

Hair Care: যদি আপুনি আপোনাৰ চুলিখিনি সুস্থ কৰি ৰাখিব বিচাৰে তেন্তে ব্যয়বহুল শ্বেম্পু আৰু কণ্ডিছনাৰ ব্যৱহাৰ কৰাৰ পৰিৱৰ্তে আপোনাৰ খাদ্যাভ্যাসৰ প্ৰতি গুৰুত্ব দিয়ক।

ADVERTISEMENT

চুলিৰ যত্নৰ কথা আহিলে ছেম্পু আৰু তেলৰ কথা মনলৈ আহে। কিছুমান মানুহে পাৰ্লাৰলৈ গৈ স্পা পায়। কিন্তু প্রসাধন সামগ্রীত সমস্যা নহ’বও পাৰে। শৰীৰত আইৰণ, প্ৰ’টিন, ভিটামিন আদিৰ অভাৱ হ’লেও চুলি সৰি পৰিব পাৰে।

যদি আপুনি আপোনাৰ চুলিখিনি সুস্থ কৰি ৰাখিব বিচাৰে তেন্তে ব্যয়বহুল ছেম্পু আৰু কণ্ডিছনাৰ ব্যৱহাৰ কৰাৰ পৰিৱৰ্তে আপোনাৰ খ্যাভ্যাসৰ প্ৰতি গুৰুত্ব দিয়ক। মাত্র তিনি প্ৰকাৰৰ খাদ্য খালে চুলি পুনৰ ঘূৰাই আনিব পাৰি।

মূৰৰ ছালৰ বাবে মেথিৰ গুটি

বহুতে মূৰত মেথিৰ পেষ্ট লগায়। মেথিৰ গুটি খালে মূৰৰ ছালৰ স্বাস্থ্যও উন্নত হ’ব। মেথিৰ গুটি পানীত ৰাতি তিয়াই ৰাখিব। সেই পানী পিছদিনা পুৱা খাব পাৰে। সুদি বা তৰকাৰীত মেথিৰ গুটিও মিহলাই ল’ব পাৰে। এই মছলাটোৱে নতুন চুলি গজাত সহায় কৰিব।

ৰঙালাওৰ গুটিয়ে আপোনাৰ চুলি ডাঠ কৰি তুলিব

ৰঙালাওৰ গুটিত জিংক থাকে। এই উপাদানে ছালৰ ব্রণ কমায় আৰু চুলিৰ সমস্যাও নাইকিয়া কৰে। যদি আপুনি পাতল চুলিৰ সমস্যাত ভুগিছে তেন্তে ৰঙালাওৰ গুটি খাবলৈ আৰম্ভ কৰক। ৰঙালাওৰ গুটি চালাড, ম্মুদি, দাইল বা জলপানৰূপে খাব পাৰে। ই চুলি সৰা ৰোধ কৰে আৰু চুলিৰ ঘনত্ব বৃদ্ধি কৰে।

আমলখিৰ ৰসে চুলি সৰা ৰোধ কৰিব

প্ৰদূষণ, অসাৱধনতা, পুষ্টিহীনতাই বিভিন্ন কাৰণত আপোনাৰ চুলিৰ স্বাস্থ্য ধ্বংস কৰে। আপোনাৰ চুলিবোৰ অকালতে বগা গৈ পৰে। এই সমস্যা দূৰ কৰিবলৈ আমলখিৰ ৰস খাব লাগে। ইয়াত ভিটামিন চি থাকে, যিয়ে কলাজেন গঠনত সহায় কৰে। ই চুলি সৰা ৰোধ কৰে আৰু চুলিৰ শিপা মজবুত কৰে। এই ফটোৱে চুলিৰ অকালতে ধূসৰ হোৱা ৰোধ কৰাতো অতি উত্তম কাম কৰে।

Exit mobile version