মাওবাদী বিৰোধী অভিযানত আন এক সফলতা, চত্তীশগড়ত নিহত দুই মাওবাদী নেতা

Untitled 1 60

Maoists:মাওবাদী বিৰোধী অভিযানত আন এক সফলতা। চত্তীশগড়ৰ সুকমা জিলাত নিৰাপত্তাৰক্ষীৰ স’তে হোৱা বন্দুকৰ যুদ্ধত নিহত হয় দুই মাওবাদী নেতা।

ADVERTISEMENT

তাৰে এজনৰ মূৰৰ দাম আছিল পাঁচ লাখ টকা। তদুপৰি সেই স্থানৰ পৰা কেবাটাও আগ্নেয়াস্ত্ৰ আৰু বিস্ফোৰক উদ্ধাৰ কৰা হৈছে।বুধবাৰে নিশা আৰক্ষীয়ে এই তথ্য ৰাজহুৱা কৰে।

তথ্য অনুসৰি, মঙলবাৰে দুপৰীয়া প্ৰায় দুই বজাত গোপন সূত্ৰৰ পোৱাৰ পোৱাৰ পাছতে আৰক্ষী আৰু জিলা ৰিজাৰ্ভ গাৰ্ডে সুকমা জিলাৰ পুছগুন্না বনাঞ্চলত যৌথ অভিযান চলায়।

দুই মাওবাদী নেতাই অঞ্চলটোত আত্মগোপন কৰি থকাৰ তথ্য পোৱা গৈছিল।সেই অনুসৰি অঞ্চলটোৰ চাৰিওফালে তালাচী আৰম্ভ কৰা হয়।

পিছুৱাই যাবলৈ ঠাই নাপাই মাওবাদীয়ে নিৰাপত্তাৰক্ষীৰ ওপৰত গুলীচালনা কৰিবলৈ আৰম্ভ কৰে। বাহিনীয়েও প্ৰত্যুত্তৰ দিয়ে।

দুয়োপক্ষৰ মাজত দীৰ্ঘসময় বন্দুকৰ যুঁজৰ অন্তত অৱশেষত নিহত হয় দুই মাওবাদী নেতা।আৰক্ষীৰ সূত্ৰ অনুসৰি নিহতসকলৰ ভিতৰত এজন মাওবাদী লোকেল অৰ্গেনাইজিং স্কোয়াডৰ (এল অ’ এছ) কমাণ্ডাৰ আছিল। তেওঁৰ মূৰৰ মূল্য আছিল পাঁচ লাখ টকা।

Exit mobile version