Ahmedabad plane Crash: গুজৰাটৰ আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা। বৃহস্পতিবাৰে বিয়লি আহমেদাবাদৰ পৰা লণ্ডন অভিমুখী এয়াৰ ইণ্ডিয়াৰ এখন বিমান দুৰ্ঘটনাগ্ৰস্ত হয়।
বিমানখনত ভাৰতীয় যাত্ৰীৰ লগতে আছিল বহু বিদেশী।আহমেদাবাদ বিমানবন্দৰৰ পৰা উৰণৰ কিছু সময়ৰ পাছতে দুৰ্ঘটনাগ্ৰস্ত হয় এআই-১৭১ বিমানখন।
অভিশপ্ত বিমানখনত থকা ২৪২ জন লোকৰ ভিতৰত দুজন পাইলট আৰু ১০ জন কেবিন ক্ৰু আছিল।
প্ৰাথমিক অৱস্থাত আটাইকেইজন যাত্ৰীৰ মৃত্যু হৈছে বুলি নিশ্চিত হৈছিল যদিও অলৌকিকভাৱে , এজন যাত্ৰীৰ জীৱন ৰক্ষা পৰাৰ তথ্য পোৱা গৈছে ।
যাত্ৰীগৰাকীৰ নাম বিশ্বকুমাৰ ৰমেশ, যি ১১এ চিটত আছিল। মৰ্মান্তিক এই বিমান দুৰ্ঘটনাটোত আটাইকেইজন যাত্ৰী মৃত্যু হোৱাৰ বিপৰীতে সামান্য আঘাতপ্ৰাপ্ত হৈছে ৰমেশ ।