Air India:আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা। সূত্ৰ অনুসৰি যাত্ৰীবাহী বিমানখনত আছিল গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানী ।
তথ্য অনুসৰি,যাত্ৰী তালিকাত ১২ নম্বৰত আছিল তেওঁৰ নাম।আহমেদাবাদৰ পৰা উৰণৰ কিছু সময়ৰ পাছতে লণ্ডন অভিমুখী এয়াৰ ইণ্ডিয়াৰ বিমানখন দুৰ্ঘটনাগ্ৰস্ত হয়।
দুজন পাইলট আৰু ১০ জন কেবিন ক্ৰুকে ধৰি বিমানখনত আছিল ২৪২ জন লোক। যাত্ৰীসকলৰ ভিতৰত ১৬৯জন ভাৰতীয়, ৫৩জন ব্ৰিটিছ আৰু এজন কানাডিয়ান। তেওঁলোক সকলোৰ মৃত্যুৰ আশংকা কৰা হৈছে।
যুদ্ধসদৃশ পৰিস্থিতিত উদ্ধাৰ অভিযান চলিছে। ইতিমধ্যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গৃহমন্ত্ৰী অমিত শ্বাহ আৰু অসামৰিক বিমান পৰিবহণ মন্ত্ৰী ৰামমোহন নাইডুৰ স’তে কথা পাতিছে।
তেওঁলোকক অনতিপলমে আহমেদাবাদত উপস্থিত হৈ সকলো যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে।
তথ্য অনুসৰি ,বিজয় ৰূপানীয়ে এই বিমানেৰে লণ্ডনলৈ তেওঁৰ কন্যাক লগ কৰিবলৈ গৈছিল।