Fastest-growing religion:পৰিৱেশৰ ভাৰসাম্য, বিশ্ব অৰ্থনৈতিক প্ৰয়োজনীয়তা, আৰ্থ-সামাজিক উন্নয়ন। এই সকলোবোৰৰ বাবে আটাইতকৈ প্ৰয়োজনীয় হ’ল জনসংখ্যা নিয়ন্ত্ৰণ।এই সহজ সত্যটো হয়তো এতিয়াও মানি ল’ব পৰা নাই বিশ্বৰ অধিকাংশ ইছলাম ধৰ্মা ধর্মাবলম্বীলোকে ।
হয়তো সেইবাবেই সমগ্ৰ বিশ্বত দ্ৰুতগতিত বৃদ্ধি পোৱা ধৰ্মীয় জনসংখ্যাৰ তালিকাত প্ৰত্যাশিতভাৱে প্ৰথম স্থানত আছে মুছলমানসকল।
তালিকাত দ্বিতীয় স্থানত থাকিলেও, সামগ্ৰিক জনসংখ্যাৰ ক্ষেত্ৰত খ্ৰীষ্টানসকল পিছ পৰিছে। বিশ্বজুৰি নাস্তিকৰ সংখ্যা যথেষ্ট বৃদ্ধি পাইছে।
শেহতীয়াকৈ পিউ ৰিচাৰ্চৰ এক অধ্যয়নত দেখা গৈছে যে ২০১০ চনৰ পৰা ২০২০ চনলৈকে ১০ বছৰত ইছলাম আন ধৰ্মতকৈ দ্ৰুতগতিত বৃদ্ধি পাইছে।
এই ১০ বছৰত মুছলমানৰ সংখ্যা প্ৰায় ৩৪.৭ কোটি বৃদ্ধি পাইছে। সাৰ্বিকভাৱে বিশ্বৰ মুছলমান জনসংখ্যা ১.৮ শতাংশ পইণ্ট বৃদ্ধি পাইছে। বৰ্তমান বিশ্বৰ ২৫.৬ শতাংশ জনসংখ্যা মুছলমান। কিন্তু জনসংখ্যাৰ হিচাপত খ্ৰীষ্টান ধৰ্মাৱলম্বীসকল এতিয়াও পৃথিৱীৰ সৰ্বাধিক জনসংখ্যা।
কিন্তু জনসংখ্যা বৃদ্ধিৰ ক্ষেত্ৰত পিছ পৰি ৰৈছে যিশুৰ অনুগামীসকল। পিউ ৰিচাৰ্চৰ এক অধ্যয়নত কোৱা হৈছে যে যোৱা ১০ বছৰত বিশ্বজুৰি খ্ৰীষ্টানৰ সংখ্যা প্ৰায় ১২.২ কোটি বৃদ্ধি পাইছে। বৰ্তমান খ্ৰীষ্টানৰ সংখ্যা প্ৰায় ২৩০ কোটি।
বৰ্তমান বিশ্বৰ মুঠ জনসংখ্যাৰ ২৮.৮ শতাংশ খ্ৰীষ্টান। তাৎপৰ্যপূৰ্ণভাৱে খ্ৰীষ্টান ধৰ্মৰ লোকৰ সংখ্যা ১.৮।তাৎপৰ্যপূৰ্ণভাৱে খ্ৰীষ্টান ধৰ্মালম্বী লোকৰ সংখ্যা ১.৮ শতাংশ পইণ্ট হ্ৰাস পাইছে।
বিশ্বজুৰি নাস্তিকৰ সংখ্যা যথেষ্ট বৃদ্ধি পাইছে। দৰাচলতে মুছলমান আৰু খ্ৰীষ্টানৰ পাছতে খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকৰ বৃদ্ধি আটাইতকৈ দ্ৰুতগতিত হৈছে।
পিউ ৰিচাৰ্চৰ তথ্য অনুসৰি ২০১০ চনৰ পৰা ২০২০ চনলৈ ১০ বছৰত বিশ্বত নাস্তিকৰ সংখ্যা ২৭ কোটি বৃদ্ধি পাইছে! বৰ্তমান বিশ্বত ১৯০ কোটি নাস্তিক আছে। মুঠ জনসংখ্যাৰ ২৪.২ শতাংশই নাস্তিক।
অধ্যয়নটোত কোৱা হৈছে যে মূলতঃ খ্ৰীষ্টান ধৰ্মৰ লোকসকলে নিজৰ ধৰ্মীয় বিশ্বাস এৰি ‘নাস্তিক’ হ’বলৈ বাছি লৈছে।সেইবাবেই খ্ৰীষ্টান জনসংখ্যাৰ বৃদ্ধিৰ হাৰতকৈ নাস্তিক আৰু মুছলমানৰ বৃদ্ধিৰ হাৰ বহু বেছি।
পৰম্পৰাগত হিন্দু ধৰ্ম আজিও বিশ্বৰ তৃতীয় বৃহত্তম ধৰ্ম আৰু চতুৰ্থ বৃহত্তম ধৰ্মীয় জনসংখ্যা। ২০১০ চনৰ পৰা ২০২০ চনলৈ ১০ বছৰত হিন্দুৰ সংখ্যা ২৬ কোটি বৃদ্ধি পাইছে।বৰ্তমান বিশ্বত হিন্দু জনসংখ্যা প্ৰায় ১২০ কোটিৰ আশেপাশে।
বিশ্বৰ জনসংখ্যাৰ ১৪.৯ শতাংশ হিন্দু। ২০১০ চনত এইটো আছিল ১৫ শতাংশ।অৰ্থাৎ বিশ্বৰ সামগ্ৰিক জনসংখ্যাৰ সমান হাৰত হিন্দুসকলৰ বৃদ্ধি হৈছে। অধ্যয়নটোত দাবী কৰা হৈছে যে হিন্দুসকলৰ মাজত ধৰ্মান্তৰকৰণৰ ধাৰা যথেষ্ট হ্ৰাস পাইছে।