Air india plane crash in ahmedabad Update:
বৃহস্পতিবাৰে দুপৰীয়া গুজৰাটৰ ৰাজধানী চহৰ আহমেদাবাদৰ মেঘনাই নগৰত ভূ-পতিত হয় লণ্ডন অভিমুখী এয়াৰ ইণ্ডিয়া বিমান ৷ বিমান খনত দুই পাইলট- ক্ৰু মেম্বাৰ সহ ২৪২ গৰাকী যাত্ৰী ৷ ইয়াৰে ১৬৯গৰাকী ভাৰতীয়, ৫৩গৰাকী ব্ৰিটিছ নাগৰিক, ১ জন কানাডিয়ান আৰু ৭ জন পর্তুগীজ ৷
আনহাতে ক্ৰু মেম্বাৰ ৰূপে কৰ্মৰত থকা দুগৰাকী হৈছে উত্তৰ-পূবৰ ৷ তেওঁলোক হ’ল ৰাজেন্দ্ৰ ৰশ্মী ছংঘাৰে , লামনামথিয়েম ছিংছং(মণিপুৰ)৷ আন ৮ গৰাকী ক্ৰু মেম্বাৰ হ’ল শ্রদ্ধা ধাৱন, অপর্ণা মহাদিক , ছয়নিতা চক্ৰৱৰ্তী, নানথৈ কংব্রেইলাতপাম, দীপক পাঠক,মৈথেলি পাটিল, ইৰফান শ্বেখ, ৰাজেন্দ্ৰ ৰশ্মী ছংঘাৰে আৰু মনীষা থাপা ৷
অভিশপ্ত বিমান খনৰ পাইলট ৰূপে আছিল কেপ্টেইন সুমীত সৱৰৱাল আৰু ফার্স্ট অফিচাৰ আছিল ক্লাইভ কুন্দাৰ। উল্লেখ্য যে,আহমেদাবাদত সংঘটিত বিমান দুৰ্ঘটনা ভাৰতীয় ইতিহাসৰ আটাইতকৈ ভয়াৱহ বিমান দুৰ্ঘটনা হিচাপে বিবেচিত হৈছে ৷