One person died because of the heat:
গৰম দহিছে ৰাজ্যবাসীক ৷গ্ৰীস্মৰ পাৰাস্তম্ভ ক্ৰমে উৰ্ধমুখী হৈছে ৷ উৎকট গৰমত নগাঁৱৰ জুৰীয়াত কৰুণ মৃত্যুক সাবটিলে এজন লোকে। মৃত্যু হোৱা ব্যক্তি জনৰ নাম আমিৰ আলী। ৫৫ বছৰীয়া আমিৰ আলিৰ ঘৰ জুৰীয়াৰ কদমনি পথাৰ গাওঁত।
জুৰীয়াৰ বজাৰৰ পৰা ঘৰত আহি উৎকট গৰমত হঠাৎ অসুস্থ গৈ পৰে আমিৰ আলী। পৰিয়ালৰ লোকে ততাতৈয়াকৈ দগাওঁ প্ৰথমিক স্বাস্থ্য কেন্দ্ৰ লৈ যায় যদিও চিকিৎসালয়তে মৃত্যু হয়।
উল্লেখ্য যে উৎকট গৰমত ভুতৰ ওপৰত দানহ পৰাৰ দৰে সঘনে হোৱা বিদ্যুৎ কৰ্তন আৰু ভল্টেজৰ সমস্যাত অতিষ্ঠ হৈপৰিছে জুৰীয়াৰ ৰাইজ। বৃহত্তৰ জুৰীয়া অঞ্চলত বিদ্যুৎ সেৱা এইকেইদিন ইমানেই শোচনীয় হৈ পৰিছে যে ২৪ ঘন্টাৰ ভিতৰত কেৱল মাত্ৰ ২ ৰ পৰা ৩ ঘন্টাহে কোনোমতে গ্ৰাহকসকলে লাভ কৰি আহিছে বিদ্যুৎ সেৱা । জুৰীয়াৰ ৰাইজে চৰকাৰক নিয়মিত বিদ্যুৎ যোগানৰ লগতে ভল্টেজৰ সমস্যা সমাধানৰ আহ্বান জনায় ।