আপোনাৰ ছালখন জিলিকাবলৈ এই শাক-পাচলিত নিৰ্ভৰ কৰক

images 1 1

কামৰ ব্যস্ততাত আধুনিক যুগত বহুতৰে সৌন্দৰ্যৰ যত্নৰ বাবে সময় নাই; কিন্তু ছালৰ যত্নক অৱহেলা কৰিলে কাম নহ’ব। বিশেষকৈ গ্রীষ্মকালত যদি আপুনি ৰ’দে পোৰা সমস্যাৰ প্ৰতি অসাবধান হয়, তেন্তে সময়ৰ লগে লগে ই বৃদ্ধি পাব।

ADVERTISEMENT

ৰ’দৰ তাপত ছাল জুলি যায় আৰু ক’লা দাগকে ধৰি একাধিক সমস্যাৰ সৃষ্টি হয়। আৰু ই এই সকলো সমস্যা সমাধানৰ ববে আপুনি বিখ্যাত প্রসাধন সামগ্ৰীৰ ওপৰত নহয়, বিলাহীৰ ওপৰত নিৰ্ভৰ কৰিব পাৰে।

এই সুপৰিচিত শাক-পাচলিৰ একাধিক পোকেৰে টেন আঁতৰাব পাৰে। যদিও বিশ্বাস কৰিব নোৱাৰা যেন লাগিব পাৰে, সপ্তাহত এবাৰ বিলাহীৰ পেক ব্যৱহাৰ কৰিলে ফলাফল পাব।

বিলাহী দুটা কাটি লওক। এটুকুৰা দৈত ডুবাই তিনিৰ পৰা পাঁচ মিনিট মুখত মালিচ কৰক। হাত-ভৰিকে ধৰি টেন হোৱা সকলো ঠাইতে মালিচ কৰিব পাৰে।

২০ মিনিট ৰাখি ধুই পেলাওক। ইয়াৰ ফলত ৰ’দত পোৰাৰ ফলত ক’লা দাগবোৰ আঁতৰাই ছালৰ জিলিকনি পুনৰ ঘূৰি আহিব।

এটা বাটিত বিলাহী পেষ্ট আৰু মৌ ভালদৰে মিহলাই লওক। ১০ মিনিট ৰাখি মুখ ধোৱাৰ আগতে হাতেৰে লাহে লাহে মালিচ কৰক। এই পেকে মৃত কোষ আঁতৰোৱাত সহায় কৰে আৰু ছালৰ জিলিকনি বৃদ্ধি কৰে।

বিলাহী আৰু নেমুৰ ৰস ছালৰ পৰা টেন আঁতৰোৱাত অতি ফলপ্রসূ। এচামুচ নেমুৰ ৰস টমেটো পেষ্টৰ লগত মিহলাই ৰ’দত পোৰা ঠাইত লগাব। ১৫ৰ পৰা ২০ মিনিট ৰাখি ধুই পেলোৱাৰ পাছত পার্থক্য দেখা পাব।

Exit mobile version