DNA Test: ডিএনএ টেষ্ট কৰিবলৈ নিয়া হৈছে বিমান দুর্ঘটনাত নিহতসকলৰ মৃতদেহ

এক মর্মান্তিক দৃশ্য আহমেদাবাদ অসামৰিক চিকিৎসালয় চৌহদত, আত্মীয়ৰ আৰু নিহতসকলৰ নমুনা পৰীক্ষা কৰি চিনাক্তকৰণ ব্যৱস্থা

dna test

DNA Test:

হঠাতে ভূমিকম্পৰ দৰে চৌদিশ কম্পমান হোৱাৰ সমান্তৰালে প্রচণ্ড শব্দই কাণ তাল মাৰি ধৰিছিল। কিছু সময় কোনেও বুজিব পৰা নাছিল যে কি হৈছে? তাৰ পাছতে ক’লা ধোঁৱাই বৃহৎ কুন্দলী পকাই ওপৰলৈ উঠিছিল। প্রত্যক্ষদর্শীয়ে আহমেদাবাদৰ শোকাৱহ বিমান দুর্ঘটনাৰ এনে বিৱৰণি দাঙি ধৰিছে। ঘটনাস্থলীত উপস্থিত হৈ তেওঁলোকে চৌপাশে প্রত্যক্ষ কৰে কেৱল মৃতদেহ।

ADVERTISEMENT

লণ্ডনৰ গেটউইক বিমান বন্দৰ অভিমুখে বৃহস্পতিবাৰে বিয়লি ১-৩৮ বজাৰ এয়াৰ ইণ্ডিয়াৰ এআই-১৭১ বিমানখনে আহমেদাবাদৰ চৰ্দাৰ বল্লভ ভাই পেটেল বিমান বন্দৰৰ পৰা উৰা মৰাৰ পাঁচ মিনিটৰ ভিতৰতে ভূপতিত হয় আৰু নিকটবর্তী বি জে মেডিকেল কলেজ হাস্পতালত খুন্দা মাৰে। বিমানখনত কর্মীকে ধৰি মুঠ ২৪২জন লোক আছিল।

এই ঘটনা নিজ চকুৰে প্ৰত্যক্ষ কৰা এজন লোকে কয়, ‘মই ঘৰত আছিলো, হঠাতে এটা প্রচণ্ড শব্দ শুনিলো। এনে লাগিল যেন ভূমিকম্প আহিছে, কি হৈছে বুলি তৰানৰা ছিঙি বাহিৰলৈ দৌৰ মাৰি বাহিৰলৈ ওলালো আৰু দেখিলো চৌপাশ ক’লা ধোঁৱাই ছানি ধৰিছে। ডাঠ চামনিৰ দৰে ক’লা ধোঁৱা। আমি ততালিকে ঘটনাস্থলীলৈ দৌৰি যাওঁ। দেখো যে চাৰিওফালে কেৱল মৃতদেহ

চৌপাশে ধ্বংসস্তূপৰ টুকুৰা।’ ভাঙি পৰাৰ পাছতে বিমানখনত অগ্নিসংযোগ হয়। ঘটনাস্থলীৰ যিসমূহ ভিডিঅ’ সামাজিক মাধ্যমত বিয়পিছে তাত দেখা গৈছে যে বৃহৎ অগ্নিকাণ্ড আৰু তাৰ পাছতে ক’লা ধোঁৱা। ভিডিঅ’ত দেখা গৈছে যে মাটিৰ পৰা উৰা মৰাৰ পাছত কিছুদূৰ ওপৰলৈ উঠিল বিমানখন। তাৰ পাছত ক্রমান্বয়ে নামিবলৈ ধৰে। বিমানখনৰ পাইলটে নিয়ন্ত্রণ হেৰুৱাৰ বিষয়টো স্পষ্ট হৈ পৰে।

# মৃতদেহ চিনাক্ত কৰিব নোৱৰা অৱস্থা ,ডিএনএ নমুনা পৰীক্ষা কৰি চিনাক্তকৰণ ব্যৱস্থা

দুর্ঘটনাগ্রস্ত বিমানৰ অধিকাংশ মৃতদেহ চিনাক্ত কৰিব পৰা অৱস্থাত নাই। দ্রুত চিনাক্তকৰণৰ বাবে পৰিয়ালৰ পৰা ডিএনএ নমুনা বিচাৰিছে গুজৰাট প্রশাসনে। ডিজে মেডিকেল কর্তৃপক্ষৰ স’তে যোগাযোগ কৰি ডিএনএ নমুনা দিবলৈ কোৱা হৈছে। তেতিয়া মৃতদেহ চিনাক্তকৰণৰ কাম দ্রুতভাৱে সম্ভৱপৰ হ’ব। বৃহস্পতিবাৰে এইদৰে কয় গুজৰাটৰ স্বাস্থ্য বিভাগৰ বিষয়াই। যাত্ৰীসকলৰ খা-খবৰ ল’বলৈ এটা হেল্পলাইন নম্বৰ আৰম্ভ কৰা হৈছে। গুজৰাটৰ স্বাস্থ্য বিভাগৰ সহকাৰী মুখ্য সচিব ধনঞ্জয় দ্বিবেদীয়ে জনোৱা মতে, যিসকলৰ আত্মীয় দুর্ঘটনাগ্রস্ত বিমানত আছিল তেওঁলোকক বি জে মেডিকেল কলেজলৈ আহি ডিএনএ নমুনা দিবলৈ কোৱা হৈছে যাতে মৃতদেহ চিনাক্ত কৰিব পাৰে।

শুকুৰবাৰে দুপৰীয়াভাগলৈ আঠটা মৃতদেহ আহমেদাবাদ চিভিল হাস্পতাললৈ আনি সংগ্ৰহ কৰা হয় নমুনা। আনহাতে নিহত সকলৰ বহু সংখ্যক আত্মীয়ই বিজে মেডিকেল কলেজ হাস্পতাললৈ আহি ডিএনএ নমুনা দিয়ে ৷এক মর্মান্তিক দৃশ্য আহমেদাবাদ অসামৰিক চিকিৎসালয় চৌহদত ৷

Exit mobile version