Air India Crash Vijay Rupani Death: লণ্ডনত বাস কৰা কন্যাৰ ওচৰলৈ উৰা মাৰিছিল

জীয়ৰীক লগ পোৱা পূৰ্বে ভয়ংকৰ বিমান দুৰ্ঘটনাত মৃত্যু গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্রী বিজয় ৰূপানী

rupani main

Air India Crash Vijay Rupani Death:

বৃহস্পতিবাৰে দুপৰীয়া গুজৰাটৰ আহমেদাবাদত সংঘটিত বিমান দুর্ঘটনাত গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্রী বিজয় ৰূপানীও মৃত্যুমুখত পৰে। এয়াৰ ইণ্ডিয়াৰ ব’য়িং ড্রীমলাইনাৰ বিমানখনৰ দুৰ্ভগীয়া দুই শতাধিক যাত্ৰীৰ অন্যতম আছিল প্রাক্তন মুখ্যমন্ত্রী ৰূপানী।

ADVERTISEMENT

চৰ্দাৰ বল্লভ ভাই পেটেল বিমানকোঠৰ পৰা যাত্ৰীভর্তি বিমানখনে উৰা মৰাৰ প্ৰাক্‌ক্ষণত তোলা ৰূপানীৰ এখন ফটো সামাজিক মাধ্যমত ভাইৰেল হৈছে। জীৱন্ত অৱস্থাত তোলা এই ফটোৱেই তেওঁৰ শেষ ফটো আছিল। শোকাৱহ দুর্ঘটনাটোত ৰূপানীয়েও প্রাণ হেৰুওৱাৰ কথা প্ৰকাশ কৰিছে গুজৰাট আৰক্ষীৰ সঞ্চালক প্ৰধানে।

সূত্রই প্রকাশ কৰা অনুসৰি, ৰূপানী দুই পুত্র-কন্যাৰ পিতৃ। তেওঁৰ একমাত্ৰ পুত্ৰই আমেৰিকা যুক্তৰাষ্ট্ৰত আৰু লণ্ডনত বাস কৰে কন্যাই। কিছুদিন পূর্বে তেওঁৰ পত্নীয়ে কন্যাৰ ওচৰলৈ বুলি লণ্ডনলৈ উৰা মাৰে। বৃহস্পতিবাৰে ৰূপানীয়েও কন্যাৰ ওচৰলৈ বুলি উৰা মৰাৰ সময়ত ভয়ংকৰ বিমান দুর্ঘটনাটোত প্রাণ হেৰুৱায়। তেওঁৰ ঘনিষ্ঠই প্ৰকাশ কৰা অনুসৰি, কন্যাৰ ওচৰৰ পৰা অহা পহিলা জুলাইত ৰূপানী দম্পতী একেলগে ভাৰতলৈ ওভতাৰ কথা আছিল। পিছে ভবা কথা নহয় সিদ্ধি। কন্যাৰ ওচৰলৈ বুলি উৰা মৰা প্ৰাক্তন মুখ্যমন্ত্রীজনেও শোকাৱহ দুর্ঘটনাটোত প্রাণ হেৰুৱায়

এই সম্পৰ্কত ৰূপানীৰ স’তে অন্তৰংগ সম্পর্ক থকা প্রশান্ত ভালা নামৰ লোকজনে সংবাদ মাধ্যমৰ আগত কয়, ‘ৰূপানীক ময়ে বিমানকোঠলৈ লৈ যাওঁ। পাছত কি হ’ল আৰু নাজানো।’ অৱশ্যে ৰূপানীৰ একাংশ ঘনিষ্ঠয়ো কয় যে ভয়ংকৰ বিমান দুর্ঘটনাটোত প্রাক্তন মুখ্যমন্ত্রীজনৰো মৃত্যু হয়।

Exit mobile version