Ahmedabad plane crash: অভিশপ্ত ১২ জুন । দেশৰ সকলোতকৈ ভয়াবহ বিমান দুৰ্ঘটনা ! সকলোতে এতিয়াও ধ্বংসৰ চিন। চাৰিওফালে পৰি ৰৈছে বিমানৰ বিভিন্ন অংশৰ ভগ্ন টুকুৰা।
তাৰ ভিতৰতে আছে জ্বলি যোৱা মৃতদেহ। ধ্বংসাৱশেষত এতিয়াও আবদ্ধ হৈ আছে মৃতদেহ! অঞ্চলটো যেন এক জীৱন্ত নৰকলৈ ৰূপান্তৰি হৈছে ।
আহমেদাবাদৰ বিমান দুৰ্ঘটনাত মৃত্যু হোৱা লোকৰ সংখ্যা ২৭৪ জনলৈ বৃদ্ধি পাইছে।যদিও এতিয়ালৈকে আনুষ্ঠানিকভাৱে একো ঘোষণা কৰা হোৱা নাই।
এতিয়াও সম্পুৰ্ণৰূপে আঁতৰোৱা হোৱা নাই ধ্বংসাৱশেষ। কাৰণ তদন্তকাৰী দলৰ প্ৰতিনিধিয়ে অঞ্চলটোৰ পৰা নমুনা সংগ্ৰহ কৰি আছে।
আহমেদাবাদৰ বিমান দুৰ্ঘটনা সংঘটিত হোৱা অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ৰ অধীনস্থ ডিজিচিএ আৰু বিমান দুৰ্ঘটনা তদন্তকাৰী ব্যুৰো (এএআইবি)য়ে পৃথকে পৃথকে তদন্ত কৰিছে।
আমেৰিকা চৰকাৰৰ নেশ্যনেল ট্ৰেন্সপ’ৰ্টেশ্যন ছেফটি ব’ৰ্ড (এনটিএছবি) আৰু ফেডাৰেল এভিয়েশন এডমিনিষ্ট্ৰেচনে (এফএএ) যৌথভাৱে আমেৰিকাৰ পৰা এই তদন্তত সহায় কৰিছে।
প্ৰথমতে,ধ্বংসাৱশেষ আঁতৰাই দিলে মৃতদেহ উদ্ধাৰ হ’ব পাৰে বুলি অনুমান হৈছিল।
ইফালে বিজে মেডিকেল হস্পিতালত মৃতকৰ আত্মীয়ৰ ভিৰ। চিকিৎসালয়খনত ডি এন এৰ নমুনা লোৱা হৈছে। ডি এন এ নমুনা পৰীক্ষাৰ পিছতহে মৃতদেহ চিনাক্ত কৰা হ’ব।
অন্যথা মৃতদেহ চিনাক্তকৰণ কঠিন । কিছুমানৰ মৃতদেহ সম্পূৰ্ণৰূপে জ্বলি গৈছে।উদ্ধাৰ হৈছে শৰীৰৰ কিছু অংশ।
আনহাতে, এই ঘটনাত আহত বহুতো চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। বিধ্বস্ত বিমানখনৰ একমাত্ৰ যাত্ৰী বিশ্বকুমাৰ ৰমেশ জীৱন্তে আছে।
যোৱা ১২ জুনত আহমেদাবাদৰ পৰা লণ্ডনৰ গেটৱিক বিমানবন্দৰলৈ যোৱা বয়িং ৭৩৭-১০০ বিমানখন উৰণৰ কেইছেকেণ্ডমানৰ পাছত দুৰ্ঘটনাগ্ৰস্ত হৈ পাইলট আৰু ক্ৰুকে ধৰি ২৪২ জন লোকৰ মৃত্যু হয়।
দুৰ্ঘটনাটোত বি জে চিকিৎসা মহাবিদ্যালয়ৰ হোষ্টেলৰ কেবাগৰাকীও ছাত্ৰ চিকিৎসকৰো মৃত্যু হৈছে। অৱশ্যে আনুষ্ঠানিকভাৱে মৃত্যু হোৱা লোকৰ সংখ্যা এতিয়াও ঘোষণা কৰা হোৱা নাই।