মাওবাদী বিৰোধী অভিযানত আন এক সফলতা, মধ্যপ্ৰদেশত চাৰি মাওবাদী নেতা নিহত

naxal 1

Madhya Pradesh:‘ৰঙা সন্ত্ৰাস’ ৰোধ কৰাৰ ক্ষেত্ৰত আন এক বৃহৎ সফলতা। মধ্যপ্ৰদেশত নিৰাপত্তাৰক্ষীৰ স’তে হোৱা বন্দুকৰ যুঁজত নিহত চাৰি মাওবাদী নেতা। ঘটনাস্থলীৰ পৰা কেবাটাও আগ্নেয়াস্ত্ৰ আৰু বিস্ফোৰক সামগ্ৰীও উদ্ধাৰ কৰা হৈছে।

ADVERTISEMENT

তথ্য অনুসৰি, শনিবাৰে নিশা মধ্যপ্ৰদেশ আৰক্ষীৰ হক ফ’ৰ্চ আৰু চি আৰ পি এফে গোপন সূত্ৰৰ পৰা তথ্য লাভ কৰি বালাঘাট বনাঞ্চলত যৌথ অভিযান চলায়।

কেবাজনো মাওবাদীয়ে অঞ্চলটোত আত্মগোপন কৰি থকাৰ তথ্য পোৱা গৈছিল। সেই অনুসৰি অঞ্চলটোৰ চাৰিওফালে তালাচী আৰম্ভ কৰা হয়।

সেই অনুসৰি অঞ্চলটোৰ চাৰিওফালে তালাচী আৰম্ভ কৰা হয়। পিছুৱাই যাবলৈ ঠাই নাপাই মাওবাদীয়ে নিৰাপত্তাৰক্ষীৰ ওপৰত গুলীচালনা কৰিবলৈ আৰম্ভ কৰে।বাহিনীয়েও প্ৰতিশোধ লয়।

দুয়োপক্ষৰ মাজত দীৰ্ঘসময় বন্দুকৰ যুঁজৰ অন্তত অৱশেষত নিহত হয় চাৰিজন মাওবাদী নেতা।আৰক্ষীৰ সূত্ৰ অনুসৰি নিহতসকলৰ ভিতৰত তিনিগৰাকী মহিলা।

মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী মোহন যাদৱে কয় যে, “এই অভিযানত কেবাটাও আগ্নেয়াস্ত্ৰ আৰু বিস্ফোৰক উদ্ধাৰ কৰা হৈছে। বালাঘাট ৰাজ্যৰ একমাত্ৰ মাওবাদীৰ উপদ্ৰৱ জিলা। আমাৰ আৰক্ষী আৰু নিৰাপত্তা বাহিনীয়ে ৰঙা সন্ত্ৰাসবাদ ৰোধৰ বাবে অহৰহ কাম কৰি আছে।”

উল্লেখ্য যে,গৃহমন্ত্ৰী অমিত শ্বাহে ২০২৬ চনৰ মাৰ্চ মাহৰ ভিতৰত মাওবাদী মুক্ত ভাৰত গঢ়াৰ বাৰ্তা দিছে।তেতিয়াৰ পৰাই মাওবাদী প্ৰধান ৰাজ্য যেনে চত্তীশগড়, ঝাৰখণ্ডত মাওবাদী বিৰোধী অভিযানে গতি লাভ কৰিছে।

Exit mobile version