Air India plane crash:আহমেদাবাদত সংঘটিত হোৱা এয়াৰ ইণ্ডিয়া এ আই ১৭১ বিমান দুৰ্ঘটনাত এই পৰ্যন্ত মৃত্যুৰ সংখ্যা ২৭৯ জনলৈ বৃদ্ধি পাইছে। দুৰ্ঘটনাস্থলীত আৰু অধিক মৃতদেহ থকাৰ সন্দেহ। দুৰ্ঘটনাটোক লৈ সমগ্ৰ দেশ শোকত ভাগি পৰিছে।
যোৱা ১২ জুনত কি দৰে বিমানখন টেক অফ কৰাৰ কিছুক্ষণৰ পাছতে পুনৰ মাটিত অৱতৰণ কৰে, সেই ভিডিঅ’টি মূহুৰ্ততে সামাজিক মাধ্যমত ভাইৰেল হয়েহৈ পৰে।
এতিয়া আহমেদাবাদ ক্ৰাইম ব্ৰাঞ্চে সেই ভিডিঅ’ লোৱা ১৭ বছৰীয়া ল’ৰাটোৰ ২৪ ছেকেণ্ডৰ ভিডিঅ’ ৰেকৰ্ডিং কৰিছে।
আৰক্ষীয়ে কিশোৰীগৰাকীক গ্ৰেপ্তাৰ কৰা বুলি দাবী কৰি ইণ্টাৰনেটত ভাইৰেল হৈ পৰিছে এটা ভিডিঅ’। যদিও তদন্তকাৰীয়ে সেই দাবী খাৰিজ কৰিছে। তেওঁলোকে জনাইছে, দুৰ্ঘটনাৰ সাক্ষী হিচাপে ৰেকৰ্ড কৰা হৈছিল কিশোৰীগৰাকীৰ বক্তব্য।
ক্ৰাইম ব্ৰাঞ্চে জাৰি কৰা বিবৃতিত স্পষ্টকৈ উল্লেখ আছে যে, “মোবাইল ফোনত তোলা এটা ভিডিঅ’ ভাইৰেল হৈছে। ভিডিঅ’ লোৱা নাবালকজনে ভিডিঅ’টোৰ বিস্তাৰিত বিৱৰণ আৰক্ষীক দিছে। কিশোৰগৰাকীয়ে পিতৃৰ স’তে সাক্ষ্য দিবলৈ আহিছিল। পাছত তেওঁক মুকলি কৰি দিয়া হয়।তেওঁক কোনো গ্ৰেপ্তাৰ বা আটক কৰা হোৱা নাই।”
১৭ বছৰীয়া আৰিয়ান এতিয়াও ট্ৰ’মাত আছে । তেওঁৰ মোবাইল ফোনত লোৱা এটা ভিডিঅ’ত ইমান ভয়ংকৰ দৃশ্য কেনেকৈ বন্দী হ’ল তেওঁৰ বিশ্বাস নহয়। সংবাদ মাধ্যমৰ আগত তেওঁ কয়,”চকুৰ সন্মুখত এনে ঘটনা দেখি মই বৰ ভয় খাইছিলো।
সম্প্ৰতি সংঘটিত হোৱা ঘটনাত তেওঁ মানসিক ভাবে বিধ্বস্ত হৈ পৰিছিল বুলি পৰিয়ালৰ লোকে জানিবলৈ দিয়ে।