Telangana: গোদাৱৰী নদীত পুণ্যস্নান কৰিবলৈ নামি অঘটন। উটি গ’ল পাঁচজন কিশোৰ ।দেওবাৰে তেলেংগানাৰ নিৰ্মল জিলাত সংঘটিত হয় এই কৰুণ ঘটনা। সূত্ৰ অনুসৰি ইতিমধ্যে মৃতদেহ উদ্ধাৰ কৰা হৈছে।
তথ্য অনুসৰি,আজি পুৱা নিৰ্মল জিলাৰ বাছৰৰ সৰসতী মন্দিৰত ১৮ জনীয়া এটা পৰিয়ালে পূজা দিবলৈ গৈছিল। তেওঁলোক ৰাজস্থানৰ বাসিন্দা।
পূজা দিয়াৰ আগতে সকলোৱে একেলগে নদীত গা ধুবলৈ যায়। আৰু তেতিয়াই সংঘটিত হয় এই দুৰ্ঘটনা । পানীৰ সোঁতত উটি গ’ল পাঁচ কিশোৰ।
প্ৰত্যক্ষদৰ্শীৰ দাবী,বাৰে বাৰে সকীয়াই দিয়াৰ পাছতো পাঁচজন কিশোৰে নদীৰ পাৰৰ পৰা আঁতৰি হৈছিল। তাৰ পাছতে হঠাৎ তেওঁলোক সোঁতত ডুব যায়।
পানীৰ গভীৰতা ইমানেই বেছি আছিল যে তেওঁলোকক উদ্ধাৰ কৰাৰ সম্ভৱ নহ’ল । সমগ্ৰ ঘটনাই অঞ্চলটোত আতংকৰ সৃষ্টি কৰে।
এই খবৰ পোৱাৰ পাছতে আৰক্ষী আৰু উদ্ধাৰকাৰী দল আহি ঘটনাস্থলীত উপস্থিত হয়। কিছু সময় অভিযান চলোৱাৰ অন্তত অৱশেষত তেঁওলোকৰ মৃতদেহ উদ্ধাৰ কৰা হয়।
আৰক্ষীৰ সূত্ৰ অনুসৰি নিহত দুজনৰ নাম ৰাকেশ, বিনোদ, মদন, ৰুতিক আৰু ভাৰত। সকলোৰে বয়স ২০ বছৰৰ তলৰ।
মৃতদেহকেইটা মৰণোত্তৰ পৰীক্ষাৰ বাবে ওচৰৰ চিকিৎসালয়লৈ লৈ যোৱা হৈছে।