Anand Rashibachia arrested in Meerut:উত্তৰ প্ৰদেশৰ মিৰাটত তিনিচুকীয়া আৰক্ষীৰ সফল অভিযান

প্ৰয়াত গণশিল্পী ৰাজীৱ শদিয়াৰ বাসগৃহৰ ভূমিক লৈ জালিয়াতি কৰা প্ৰৱঞ্চকক গ্ৰেপ্তাৰ, মীৰাটত ভাড়াঘৰত আত্মগোপন কৰি থকা অৱস্থাত গ্ৰেপ্তাৰ আনন্দ ৰাছিবাচিয়াক

tinsukia

Anand Rashibachia arrested in Meerut:

উত্তৰ প্ৰদেশৰ মিৰাটত তিনিচুকীয়া আৰক্ষীৰ সফল অভিযান৷ প্ৰয়াত গণশিল্পী ৰাজীৱ শদিয়াই বাস কৰি অহা গেলাপুখুৰীৰ ভূমি বেংক বিষয়া অমৃত কুমাৰ ঝাৰে মিলি ৫০ লাখ টকাৰ জালিয়াতিৰে লুটি পলাতক অৱস্থাত থকা মূল অভিযুক্ত আনন্দ ৰাছিবাচিয়াক গ্ৰেপ্তাৰ কৰে উত্তৰ প্ৰদেশত ৷

ADVERTISEMENT

উত্তৰ প্ৰদেশৰ মিৰাটত এটা ভাড়াঘৰ লৈ আত্মগোপন কৰি থকা আনন্দ ৰাছিবাচিয়াক উত্তৰ প্ৰদেশ আৰক্ষীৰ সহযোগত গ্ৰেপ্তাৰ কৰি আজি  আহি পায় তিনিচুকীয়া ৷

তিনিচুকীয়া সদৰ আৰক্ষী থানাৰ চহৰ পৰিদৰ্শক ধ্ৰুৱ প্ৰকাশ বৈশ্যৰ নেতৃত্বত এটা আৰক্ষী দলে উত্তৰ প্ৰদেশ আৰক্ষীৰ সহযোগত মিৰাটত অভিযান চলাই গ্ৰেপ্তাৰ কৰিছে পলাতক আনন্দ ৰাছিবাচিয়াক ৷

২০১৯ চনৰ পৰাই পলাতক অৱস্থাত আছিল ধৃত আনন্দ ৰাছিবাচিয়া । পৰৱৰ্তী সময়ত আনন্দ ৰাচিবাচিয়াক তিনিচুকীয়া আৰক্ষীয়ে স্বাস্থ্য পৰীক্ষা সম্পন্ন কৰি আদালতত হাজিৰ কৰে ৷ আদালতে আৰক্ষী জিন্মাত দিয়ে আনন্দ ৰাচিবাচিয়াক ৷

Exit mobile version