Ahmedabad:বিমান দুৰ্ঘটনাত নিহতসকলৰ ভিতৰত ৮৭ জন লোকৰ মৃতদেহ বৰ্তমানলৈকে চিনাক্ত কৰা হৈছে। ইয়াৰে ৪৭টা মৃতদেহ পৰিয়ালক গতাই দিয়া হৈছে বুলি জানিবলৈ দিয়ে প্ৰশাসনৰ এগৰাকী বিষয়াই।
বৃহস্পতিবাৰে আহমেদাবাদৰ মেঘনিনগৰ অঞ্চলত দুৰ্ঘটনাগ্ৰস্ত হয় এয়াৰ ইণ্ডিয়াৰ বিমানখন।এই দুৰ্ঘটনাত যাত্ৰীসহ ২৭০ জন লোকে প্ৰাণ হেৰুৱাইছে।
কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে জনাই বিমানখনত থকা ১.২৫ লাখ লিটাৰ ইন্ধন জ্বলি গৈছে। ফলত অত্যধিক গৰমৰ বাবে যাত্ৰীসকলক বচাব পৰা নগ’ল।
অধিকাংশ মৃতদেহ জ্বলি যোৱাৰ ফলত চিনাক্তকৰণত সমস্যাৰ সৃষ্টি হৈছে। মৃতকৰ আত্মীয়ৰ ডি এন এৰ নমুনা সংগ্ৰহ কৰা হৈছে। মৃতকৰ ডি এন এৰ নমুনাৰ স’তে মিলাই চিনাক্তকৰণ প্ৰক্ৰিয়া অব্যাহত আছে।
যিসকলৰ মৃতদেহ পৰিয়ালৰ হাতত গতাই দিয়া হৈছে তেওঁলোক গুজৰাটৰ ভৰুচ, আনন্দ, জুনাগধ, ভৱনগৰ, বদোদৰা, খেৰা, মেহছানা, আৰাৱল্লী, আহমেদাবাদ জিলাৰ বাসিন্দা।