পুনৰ এয়াৰ ইণ্ডিয়াৰ বিমানত যান্ত্ৰিক ত্ৰুটি!

IMG 20250617 120803

Air India:এয়াৰ ইণ্ডিয়াৰ বিমানত পুনৰ কাৰিকৰী ত্ৰুটি! মাজনিশা কলকাতা বিমানবন্দৰত আবদ্ধ হৈ পৰে ছান ফ্ৰান্সিস্কোৰ পৰা মুম্বাই অভিমুখী এখন বিমান।

ADVERTISEMENT

কলকাতা হৈ মুম্বাই অভিমুখে যোৱা এয়াৰ ইণ্ডিয়া এ আই ১৮০ বিমানৰ ইঞ্জিনত যান্ত্ৰিক বিজুতিৰ সন্মুখীন হয়।নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি যাত্ৰীসকলক নমাই দিয়া হ’ল।

বিমানখনে ছান ফ্ৰান্সিস্কোৰ পৰা কলকাতা হৈ মুম্বাইলৈ যাত্ৰা কৰাৰ কথা আছিল। নিৰ্ধাৰিত সময়ত নিশা ১২:৪৫ বজাত কলকাতা বিমানবন্দৰত অৱতৰণ কৰে বিমানখন। টেক অফৰ সময়ত এই সমস্যাটো লক্ষ্য কৰা হৈছিল।

বিমানখনৰ বাওঁ ইঞ্জিনত যান্ত্ৰিক সমস্যাৰ সন্মুখীন হৈছিল। ব্যাপক পৰীক্ষাৰ পাছতো যান্ত্ৰিক সমস্যাটো সমাধান কৰিব পৰা নগ’ল। ৭৭৭-২০০এলআৰ টুইন ইঞ্জিন জেট বিমানখন ছান ফ্ৰান্সিস্কোৰ পৰা মুম্বাই অভিমুখে গৈ আছিল।

Exit mobile version