UPI: ইউনিফাইড পেমেন্টছ ইণ্টাৰফেচ (ইউপিআই)ৰ মাধ্যমৰে লেনদেন হ’ব অধিক দ্রুত আৰু মসৃণ। ১৬ জুনৰ পৰা দেশত ইউপিআই পেমেণ্টৰ গতি বৃদ্ধি পালে।
অর্থাৎ পূর্বে এক ইউপিআই লেনদেন সম্পন্ন কৰাৰ বাবে যি সময়ৰ প্ৰয়োজন হৈছিল, ১৬ জুনৰ পৰা তাতোকৈ কম সময়ৰ প্ৰয়োজন হ’ব। তদুপৰি পহিলা আগষ্টৰ পৰা একাধিক নতুন নিয়ম ইউপিআই লেনদেনৰ ক্ষেত্ৰত প্ৰযোজ্য হ’ব।
নেচনেল পেমেন্টছ কৰ্প’ৰেচন অব ইণ্ডিয়াই এই পৰিৱৰ্তনৰ কথা যোৱা এপ্ৰিলতে এক বিবৃতি প্রকাশৰে সদৰী কৰিছিল। পূর্বে ইউপিআইৰ জৰিয়তে ধনৰ ট্রেন্সফাৰ, লেনদেনৰ ষ্টেটাছ চেক কৰিবলৈ ৩০ ছেকেণ্ডৰ প্ৰয়োজন হৈছিল, এতিয়াৰে পৰা ইয়াৰ বাবে ১০-১৫ ছেকেণ্ডৰ প্ৰয়োজন হ’ব।
পূর্বে ইউপিআই এড্ৰেছ ভেৰিফাই কৰিবলৈ ১৫ ছেকেণ্ডৰ প্ৰয়োজন হৈছিল আৰু এতিয়াৰে পৰা ১০ ছেকেণ্ড প্রয়োজন হ’ব। আগষ্টৰ পৰা কোনো ইউপিআই এপ ব্যৱহাৰৰে এদিনত সর্বাধিক ৫০ বাৰ বেংক একাউণ্টৰ বেলেন্স চেক কৰিব পাৰিব।
ইউপিআই এপৰ মাধ্যমত এদিনত ২৫ লিংকড একাউন্ট চাব পাৰিব। অট’মেটিক পেমেণ্টছৰ বাবে সুযোগ এবাৰ দিয়া হ’ব। সফল নহ’লে তিনিবাৰ চেষ্টা কৰিব পাৰিব। অৱশ্যে ব্যস্ত সময়ৰ অট’পেৰ চেষ্টা কৰিব নোৱাৰিব।
পুৱা ১০ বজাৰ পৰা দুপৰীয়া এক আৰু বিয়লি পাঁচ বজাৰ পৰা নিশা ৯-৩০ বজালৈকে সময়ছোৱাত ইউপিআই লেনদেনৰ ব্যস্ত সময় গণ্য কৰা হয়।






























