Nagaon:
সদৌ অসম ভূমিলেখ্য কৰ্মচাৰী সম্মিলনীৰ নগাঁও জিলা শাখাৰ উদ্যোগত নগাঁও জিলা পেন্সনাৰ সন্থাৰ সভাগৃহত অভিনন্দন অনুষ্ঠান অনুষ্ঠিত হয়। এইবাৰ উচ্চ আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা নগাঁও জিলা আয়ুক্তৰ কাৰ্যালয়, নগাঁও সদৰ, কলিয়াবৰ, চামগুৰি, কামপুৰ, ধিং ৰাজহ চক্ৰত কৰ্মৰত ভূমিলেখ্য কৰ্মচাৰীৰ সন্তানসকলক অভিনন্দন জনোৱা হয়।
সম্মিলনীৰ নগাঁও শাখাৰ সভাপতি বিশ্বজিৎ বৰাৰ সভাপতিত্বত অনুষ্ঠিত সভাত অংশগ্রহণ কৰি আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ অধ্যাপক- লেখক ড: মিলন নেওগে শিক্ষার্থীসকলক উদ্দেশি কয় যে বর্তমান সময়ত শিক্ষার্থীসকল প্রতিযোগিতাৰ দৃষ্টিভংগীৰে নিজক প্ৰতিষ্ঠা কৰাৰ কৰ্মত ব্রতী হ’ব লাগিব। ইয়াৰ বাবে শিক্ষার্থীসকলক প্রয়োজন হ’ব সঠিক পথৰ সন্ধান। এই পথৰ সন্ধান দিব পাৰে শিক্ষক-অভিভাৱকে। শিক্ষার্থীসকলক নিজকে উপযুক্ত নাগৰিক হিচাপে গঢ়ি তুলি নিজৰ লগতে সমাজৰ বিকাশৰ বাবে কাম কৰিবলৈ আহ্বান জনায় ড: নেওগে।
নগাঁও সদৰ ৰাজহ চক্র বিষয়া ঋষিকেশ বৰুৱাই ছাত্র-ছাত্রীসকলক এতিয়াতকৈ কঠোৰ পৰিশ্ৰম কৰিলেহে সফলতা লাভ কৰিব পাৰিব বুলি মন্তব্য কৰে। সম্মিলনীৰ নগাঁও শাখাৰ সাধাৰণ সম্পাদক জয়দেব ভূঞাই উদ্দেশ্য ব্যাখ্যা কৰা সভাত জ্যেষ্ঠ সাংবাদিক কনক হাজৰিকা, লেখক মুৰলী বৰুৱা, ভূমিলেখ্য কৰ্মচাৰী সম্মিলনীৰ ৰাজ্যিক সদস্য অকণ পাটৰ, নগাঁও শাখাৰ উপদেষ্টা গুণাৰাম বণিয়া, প্রেমকান্ত হাজৰিকা, সমাজকর্মী গুণকান্ত শর্মা আদিয়ে অংশগ্রহণ কৰে।
সম্মিলনীৰ অতুল বৰুৱাই আঁত ধৰা অনুষ্ঠানত চন্দনা বেজবৰুৱাৰ পৰিচালনাত নগাঁৱৰ স্নেহবন্ধন সাংস্কৃতিক মহিলা গোষ্ঠীয়ে সমবেত সংগীত পৰিবেশন কৰি সভা আৰম্ভ কৰে। সভাত নগাঁও জিলাৰ ভূমিলেখ্য কৰ্মচাৰীসকলৰ ১৫ গৰাকী কৃতীমান শিক্ষার্থী দেৱশ্ৰী ভূঞা,পুৰ্বশ্ৰী লস্কৰ,গাৰ্গীৰাণী দাস, প্ৰিয়মজ্যোতি নাথ,নমী বৰা, শিল্পীশিখা শইকীয়া, ৰিছা গায়ন,নৱদ্বীপ ৰাভা, তাকিয়া লাৰিবা,আতিকা গুলচন,দেবাসী শইকীয়া, ভাগ্যজ্যোতি শইকীয়া, ৰিম্পী দাস,নিশিতা হাজৰিকা আৰু কংকন দাসক নগাঁও সদৰ চক্ৰ বিষয়া ৠষিকেশ বৰূৱা,ভূমিলেখ্য সন্মীলনীৰ সভাপতি বিশ্বজিৎ বৰা,কনক হাজৰিকা,মুৰুলি বৰুৱা, অপুৰ্ব হাজৰিকা,গুণ কান্ত শৰ্মা,অকন পাতৰ, গুনাৰাম বনিয়া আৰু জয়দেৱ ভূঞাই একোখনি ফুলাম গামোছা,এখনি শৰাই,মান-পত্ৰৰ লগতে একোখনি মূল্যবান গ্ৰন্থৰে আদৰণি জনোৱা হয়।
ভূমিলেখ্য কৰ্মচাৰী সন্মিলনীৰ কৃৰ্তী ছাত্ৰ-ছাত্ৰীক আদৰণি অনুষ্ঠানত সদৰ ৰাজহ চক্ৰ বিষয়া ৠষিকেশ বৰুৱাই বন্তি প্ৰজলন কৰাৰ পাছতেই কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ সুৰ আৰু গীতত স্নেহবন্ধন সাংস্কৃতিক গোষ্ঠীৰ পৰিচালক চন্দনা বেজবৰুৱাৰ পৰিচালনাত সমবেত সংগীতত অংশ গ্ৰহন কৰে ক্ৰমে শিল্পী দিপ্তী শইকীয়া,প্ৰণামী বৰা, নিজৰা শইকীয়া, চন্দনা বেজবৰুৱা, অঞ্জনা তামুলি, হিমাদ্ৰী হাজৰিকা আৰু চাৰি গৰাকী শিল্পীয়ে।অৱশেষত সভাপতি বিশ্বজিৎ বৰাই সাৰুৱা ভাষন দাঙি ধৰি আদৰণি সভাখনৰ সৌষ্ঠৱ বৃদ্ধি কৰে।