দিল্লীত প্ৰচণ্ড বৰষুণ, প্ৰতিকূল বতৰৰ বাবে ১৪খন বিমানৰ যাত্ৰা পথ সলনি !

1750127011 pti plane

Domestic Flights:প্ৰতিকূল বতৰৰ বাবে দিল্লীত কেবাখনো বিমানৰ যাত্ৰাপথ পৰিৱৰ্তন কৰা হ’ল। মঙলবাৰে দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰলৈ অহা-যোৱা কৰা কমেও ১৪খন বিমানৰ যাত্ৰাপথ পৰিৱৰ্তন কৰা হৈছে।

ADVERTISEMENT

ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ (আইজিআইএ) এক বিবৃতিত প্ৰকাশ কৰা অনুসৰি মঙলবাৰে দিনৰ এক বজাৰ পৰা পাঁচ বজাৰ ভিতৰত দিল্লী বিমানবন্দৰৰ পৰা কমেও ১৪খন বিমানৰ যাত্ৰাপথ সলনি কৰা হৈছে।

বিমানবন্দৰ কৰ্তৃপক্ষই তেওঁলোকৰ এক্স হেণ্ডেলত লিখিছে,”প্ৰতিকূল বতৰৰ বাবে বিমান যাতায়ত ব্যাহত হৈছে। সেইবাবেই ১৪খন বিমানৰ পথ সলনি কৰা হৈছে।”

ভূপাললৈ ছয়খন বিমান, চণ্ডীগড়লৈ তিনিখন বিমান, অমৃতসৰলৈ দুখন বিমান, আহমেদাবাদলৈ এখন বিমান, বাৰাণসীলৈ এখন বিমান আৰু লক্ষ্ণৌলৈ এখন বিমানৰ যাত্ৰাপথ সলনি কৰা হৈছে।

যাৰ বাবে গোটেই দিনটো যাত্ৰীসকলৰ অসুবিধা হৈছে। দুখৰ পৰা হাত সাৰিবলৈ বিমান সংস্থাসমূহেও বিবৃতি জাৰি কৰি যাত্ৰীসকলক নিৰ্দিষ্ট সময়ৰ কিছু সময়ৰ আগতে বিমানবন্দৰত উপস্থিত হ’বলৈ পৰামৰ্শ দিছে।

দিল্লীৰ IGIA দেশৰ ভিতৰতে ব্যস্ত বিমানবন্দৰ। ইয়াৰ পৰিচালিত হৈছে দিল্লী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ লিমিটেড (DIAL)। বিমানবন্দৰটোত তিনিটা ৰাণৱে আছে, ইয়াৰে এটা বৰ্তমান ৰক্ষণাবেক্ষণৰ বাবে বন্ধ হৈ আছে।সেইবাবেই প্ৰতিকূল বতৰে সেৱাৰ ওপৰত প্ৰায়ে অতিৰিক্ত হেঁচা প্ৰয়োগ কৰে।

Exit mobile version