Alcohol এসময়ত কোৱা হৈছিল যে মানৱৰ জীৱন ধাৰণৰ বাবে ৰুটি, বস্ত্ৰ আৰু বাসগৃহ হৈছে প্রয়োজনীয় তিনিবিধ জৰুৰী সামগ্রী। কিন্তু এতিয়া এই ধাৰণা সলনি হৈছে।
চেণ্টাৰ ফ’ৰ মণিটৰিং ইণ্ডিয়ান ইক’ন’মি (চিএমআইই)য়ে প্রস্তুত কৰা এক প্রতিবেদনত উল্লেখ কৰা অনুসৰি, ভাৰতীয়সকলৰ দৈনন্দিন জীৱনত বিভিন্ন সামগ্ৰীৰ ধন ব্যয় কৰাৰ প্রক্রিয়া যথেষ্ট সলনি হৈছে।
চিএমআইইয়ে প্ৰতিবেদনত উল্লেখ কৰা অনুসৰি, দেশত বর্তমানে সাধাৰণ আয়ৰ শ্ৰেণীৰ লোকে সাজ-পোছাকতকৈ অধিক ধন সুৰা আৰু শীতল পানীয়ত ব্যয় কৰিছে।
প্রতিবেদনৰ তথ্য অনুসৰি, বিত্তীয় বৰ্ষ ২০২৩-২৪ত ভাৰতীয় সাধাৰণ শ্ৰেণীৰ নাগৰিকে মুঠ ৭.২৯ লাখ কোটি টকা সাজ-পোছাক ক্রয়ত ব্যয় কৰিছিল।
আনহাতে, উক্ত বিত্তীয় বর্ষত ভাৰতীয়ই সুৰা ক্ৰয়ত ব্যয় কৰিছিল ১.২০ লাখ কোটি টকা। ইয়াৰ পূৰ্বৰ ২০২২-২৩ বিত্তীয় বৰ্ষত ভাৰতীয়ই বস্ত্ৰ ক্ৰয়ত ৭.১৬ লাখ কোটি টকা আৰু সুৰা ক্ৰয়ত ০.৯৫ লাখ কোটি টকা ব্যয় কৰিছিল।
ইয়াৰ পৰা স্পষ্ট হৈছে যে এবছৰতে ভাৰতীয়ই বস্ত্ৰ ক্রয়ত ব্যয় সংকোচন কৰাৰ বিপৰীতে সুৰা ক্ৰয়ত ২৬ শতাংশ ব্যয় বৃদ্ধি কৰিছিল। ২০২২-২৩ বিত্তীয় বর্ষত গাড়ী ক্রয়ত ভাৰতীয়ই ২.৬৪ লাখ কোটি টকা ব্যয় কৰাৰ বিপৰীতে ২০২২-২৩ বিত্তীয় বর্ষত ৩.২৬ লাখ কোটি টকা ব্যয় কৰিছিল।
ৰাজহুৱা পৰিবহণ সেৱাত ভাৰতীয়ৰ ব্যয় ১৪.৩২ লাখ কোটি টকাৰ পৰা ১৫.৫০ লাখ কোটি টকালৈ এবছৰত বৃদ্ধি পালে। স্বাস্থ্য সেৱাত ২০২২-২৩৩ ৮.৪৮ লাখ কোটি টকা ব্যয়ৰ বিপৰীতে ২০২৩-২৪ত এই শিতানত ভাৰতীয় ব্যয় ১০.০৭ লাখ কোটি টকালৈ বৃদ্ধি পাইছিল।