IndiGo:বিমানখনত হোৱা কাৰিকৰী বিসংগতিৰ বাবে এইবাৰ সমস্যাত পৰিল চত্তীশগড়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কংগ্ৰেছ নেতা ভূপেশ বাঘেল। ৰায়পুৰত অৱতৰণ কৰাৰ পাছত প্ৰায় আধা ঘণ্টা বিমানৰ ভিতৰত বহিব লগা হ’ল নেতাগৰাকী।
সূত্ৰ অনুসৰি বিমানখনৰ সফলতাৰে অৱতৰণ কৰাৰ পাছতো যান্ত্ৰিক বিজুতিৰ বাবে দুৱাৰ খোলা নাছিল।
ফলত আন যাত্ৰীৰ স’তে বাঘেলও বিমানখনত আবদ্ধ হৈ পৰে। এক সংবাদ প্ৰতিষ্ঠানৰ প্ৰতিবেদন অনুসৰি দিল্লীৰ পৰা ৰায়পুৰ অভিমুখী ইণ্ডিগ’ বিমানত সংঘটিত হৈছে এই ঘটনা।
বাঘেলৰ উপৰিও চত্তীশগড়ৰ চৰাইপালিৰ কংগ্ৰেছৰ বিধায়ক চতুৰি নন্দ আৰু ৰায়পুৰৰ মেয়ৰ মিনাল চৌবেও বিমান সংস্থাটোৰ ৬ই ৬৩১২ নং বিমানত আছিল।
বুধবাৰে দুপৰীয়া প্ৰায় দুই বাজি ২৫ মিনিটত ৰায়পুৰ বিমানবন্দৰত নিৰাপদে অৱতৰণ কৰে বিমানখন। কিন্তু যাত্ৰীসকল নামি থকাৰ সময়তে সৃষ্টি হয় সমস্যাৰ। যান্ত্ৰিক বিজুতিৰ বাবে বিমানখনৰ দুৱাৰ খোলা নাছিল।
প্ৰায় ডেৰ ঘণ্টা ধৰি বিমানখনৰ ভিতৰত আবদ্ধ হৈ আছিল বাঘেল আৰু অন্যান্য যাত্ৰীসকল।অৱশ্যে পাছত বিমানখনৰ দুৱাৰ খুলিলে আৰু সকলোৱে নিৰাপদে নামি আহিল।
এই সন্দৰ্ভত এতিয়াও বিমান সংস্থাটোৱে কোনো বিবৃতি প্ৰকাশ কৰা নাই। অৱশ্যে সূত্ৰৰ অনুসৰি,বিমানখনৰ দলটোৱে প্ৰথমে মূল দুৱাৰখন খুলিবলৈ চেষ্টা কৰিছিল যদিও বিফল হয়।
তথ্য অনুসৰি,বিমানখনৰ কেবিন স্ক্ৰীণত ‘No Signal’ বাৰ্তা পোৱা গৈছে। পাছত বঘেলে কয়, “বিমানখনৰ দুৱাৰত কিছু কাৰিকৰী সমস্যা হৈছিল। প্ৰায় আধা ঘণ্টা চেষ্টা কৰাৰ পাছত অৱশেষত দুৱাৰখন খোল খালে আৰু যাত্ৰীসকল নিৰাপদে ওলাই আহিল।”






























