কেটৰিনাৰ দৰে ফিট হ’ব বিচাৰে! কেনেকৈ ব্যায়াম কৰিব?

অভিনেত্ৰীৰ প্ৰশিক্ষকৰ তিনিটা পৰামৰ্শ 

images 19

Katrina Kaif fitness: প্রতিদিনে একে ধৰণৰ ব্যায়ামৰ ফলত কেতিয়াবা বিৰক্তিৰ সৃষ্টি হ’ব পাৰে। গতিকে ৰুটিনত কিছু পৰিৱৰ্তন কৰিব পাৰি। ফলত দৈনন্দিন বিৰক্তি পাহৰি নতুন উদ্যমৰে লক্ষ্যৰ দিশে আগবাঢ়িব পাৰে।

বলিউদৰ অভিনেত্রী কেটৰিনা কাইফে নিয়মিতভাৱে ব্যায়াম কৰে। প্রশিক্ষক জেছমিন কৰাচিৱালাই অভিনেত্ৰীগৰাকীক লক্ষ্যত উপনীত হোৱাত সহায় কৰে।

প্রতিদিনে জিমলৈ যাবলৈ বা ব্যায়ামক অধিক আকর্ষণীয় কৰি তুলিবলৈ জেছমিনে কে’বাটাও পৰামৰ্শ দিছে-

(১) ব্যায়ামে শৰীৰৰ পৰা কেলৰি জ্বলাই দিয়ে। আকৌ শৰীৰক ব্যায়ামৰ বাবেও শক্তিৰ প্ৰয়োজন। গতিকে ব্যায়ামৰ পূৰ্বে আলমণ্ড খাই শৰীৰক প্ৰয়োজনীয় শক্তি প্রদান কৰিব পাৰে। আলমণ্ডত স্বাস্থ্যকৰ চৰ্বি, প্ৰ’টিন আৰু আঁহ থাকে। শক্তি বিতৰণৰ ভাৰসাম্য ৰক্ষা কৰিবলৈ যিকোনো ফলৰ লগত কেইটামান আলমণ্ড খাব পাৰে।

(২) ৱৰ্কআউট চার্টটো নির্দিষ্ট সময়ৰ পাছত সলনি কৰিব লাগে। ফলত বিৰক্তি নাইকিয়া হ’ব। পিলাটছ বা যোগাসন ৰুটিনত অন্তর্ভুক্ত কৰিব পাৰি। ডেডলিফ্ট আৰু কেটলবেল দোলনৰ দৰে ব্যায়ামও কৰি কাৰ্যক্ষম গতি বৃদ্ধি কৰিব পাৰি। নতুন ধৰণৰ ব্যায়ামে পেশীৰ ট’ন বৃদ্ধি আৰু শক্তি বৃদ্ধিত সহায় কৰে।

(৩) যদি আপুনি নিয়মিতভাৱে আপোনাৰ ব্যায়ামৰ ফলাফল লিখিব পাৰে তেন্তে প্ৰেৰণাৰ অভাৱ নহ’ব। বৰঞ্চ ই আপোনাক আপোনাৰ লক্ষ্যৰ দিশে আগবাঢ়িবলৈ সহায় কৰিব। অৱশ্যে ফিটনেছৰ ক্ষেত্ৰত সৰু সৰু লক্ষ্য নির্ধাৰণ কৰিলে অধিক লাভজনক হ’ব। মানসিক শক্তিও বৃদ্ধি পাব। দৈনিক ব্যায়ামৰ ফলাফল সম্পর্কীয় তথ্য ব্যক্তিগত প্রশিক্ষক ব স্মার্ট ঘড়ীৰ পৰা লাভ কৰিব পাৰি।

Exit mobile version