ED:দুটা নিযুক্তি কেলেংকাৰিৰ তদন্তৰ সন্দৰ্ভত সমগ্ৰ দেশজুৰি ইডিয়ে আৰম্ভ কৰিছে তালাচী অভিযান।বৃহস্পতিবাৰে ইডিয়ে বিহাৰ আৰু বংগৰ একাধিক স্থানত তালাচী চলায়।
পাটনা, নালন্দা, ৰাঁচী, কলকাতা, আৰু মধ্যমগ্ৰামকে ধৰি মুঠ ১১টা স্থানত অনুসন্ধান চলোৱা হৈছে।লক্ষ্ণৌও আছে এই তালিকাত। ইডিৰ বিষয়াসকলে সকলো ঠাইতে তালাচী চলাইছে।
তেওঁলোকৰ দাবী, বিহাৰত কনিষ্টবল নিযুক্তিৰ ক্ষেত্ৰত হোৱা দুৰ্নীতি আৰু এন আই টি কেলেংকাৰিৰ মাজত সম্পৰ্ক আছে। সেয়েহে যৌথ গোচৰৰ তদন্তৰ স’তে জড়িত এই অনুসন্ধান অভিযান চলোৱা হৈছে।
২০২৩ চনত বিহাৰত কনিষ্টবল নিযুক্তিৰ ক্ষেত্ৰত কেলেংকাৰী ধৰা পৰিছিল। সেই ৰাজ্যৰ প্ৰভাৱশালী লোকৰ বিৰুদ্ধে বৃহৎ পৰিমাণৰ ধনৰ বিনিময়ত নিযুক্তি দিয়াৰ অভিযোগ উত্থাপন হৈছিল।
২১ হেজাৰৰো অধিক পদত নিযুক্তিৰ ক্ষেত্ৰত আৰ্থিক অনিয়মৰ অভিযোগ উত্থাপন হৈছিল। সেই গোচৰৰ তদন্ত চলাইছে ইডিয়ে।
তদুপৰি পাছৰ বছৰ অৰ্থাৎ ২০২৪ চনত সৰ্বভাৰতীয় চিকিৎসা প্ৰৱেশ পৰীক্ষা ‘নীট’তো কেলেংকাৰী ধৰা পৰে। দেখা গ’ল যে এই পৰীক্ষাত দেশৰ কেবাগৰাকীও ছাত্ৰ-ছাত্ৰীয়ে ১০০ শতাংশ নম্বৰ লাভ কৰিছিল, যিটো বিশ্বাস কৰিব নোৱাৰা।
যদিও পাছত স্পষ্ট হৈ পৰিল যে এই ফলাফল NEETৰ প্ৰশ্ন ফাদিল হোৱাৰ বাবেই হৈছে। প্ৰকৃত যোগ্যতাৰ মূল্যায়ন হোৱা নাই।
এই কেলেংকাৰী উদঙাই দিয়াৰ পাছতে এনচিটিয়ে নতুন পৰীক্ষা সম্পন্ন কৰিবলৈ বাধ্য হয়। ইডিয়েও এই দুৰ্নীতিৰ তদন্ত চলাই আছে।
তদন্তকাৰীৰ অনুমান, ২০২৩ আৰু ২০২৪ চনৰ দুটা কেলেংকাৰীৰ মাজত সম্পৰ্ক আছে।ইডিৰ বিষয়াসকলে বৃহস্পতিবাৰৰ পৰা দেশৰ ১১ টা ঠাইত এই যোগসূত্ৰ বিচাৰিবলৈ আৰম্ভ কৰে।
ইডিৰ সূত্ৰই দাবী কৰিছে যে বিহাৰ কনিষ্টবল নিযুক্তি পৰীক্ষাতো প্ৰশ্ন ফাদিল হোৱাৰ অভিযোগ উত্থাপন হৈছিল। টকাৰ লেনদেন হৈছিল। এই গোচৰৰ অভিযুক্তসকল ২০২৪ চনৰ NEET পৰীক্ষাৰ প্ৰশ্ন ফাদিলৰ স’তে জড়িত।
বিহাৰৰ কনিষ্টবল নিযুক্তি পৰীক্ষাৰ প্ৰশ্ন ফাদিলৰ আঁৰৰ মাষ্টাৰমাইণ্ডো NEET পৰীক্ষাৰ প্ৰশ্ন ফাদিলৰ স’তে জড়িত বুলি ইডিৰ দাবী। এই সকলোবোৰৰ প্ৰমাণ পোৱাৰ বাবে আজিৰ এই অভিযান ।






























