Shocking incident in Guwahati:মহানগৰীত পুনৰ সংঘটিত এক চাঞ্চল্যকৰ ঘটনা৷ নিজ পত্নীক দাৰে ঘপিয়াই হত্যাৰ চেষ্টা স্বামীৰ ৷ঘটনাৰ স্থান জালুকবাৰী থানাৰ অন্তৰ্গত গাড়ীগাঁৱৰ ৰঙামাটি। ইতিমধ্যে আৰক্ষীৰ জালত ঘাতক স্বামী ৷
প্ৰাপ্ত খবৰ অনুসৰি গুৱাহাটী বিশ্ববিদ্যালয়ৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী সূৰজ আলীয়ে পত্নীৰ স’তে কিবা কথাত বাকবিতণ্ডা কৰি পাছত হিতাহিতজ্ঞানশূন্য হৈ পত্নীক উপযুপৰি দাৰে ঘপিয়াই প্ৰাণে মৰাৰ চেষ্টা কৰে ৷ তেজেৰে লুতুৰিপুতুৰি হৈ পৰা মহিলা গৰাকীক স্থানীয় লোকে সংকটজনক অৱস্থাত জিএমচিএইছলৈ ভৰ্তি কৰে ৷
আনহাতে ঘাতক সূৰজ আলীক স্থানীয় লোকে আবদ্ধ কৰি জালুকবাৰী আৰক্ষীক খবৰ দিয়ে ৷ পাছত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আলীক আটক কৰে ৷






























