IndiGo Flight:আহমেদাবাদৰ ভয়ংকৰ বিমান দুৰ্ঘটনা এতিয়াও সতেজ। ইয়াৰ মাজতে দেশজুৰি ইখনৰ পাছত সিখন বিমান ঘটনাৰ খবৰ পোহৰলৈ আহিছে। পুনৰ বৃহৎ দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰিল ইণ্ডিগ’ৰ এখন বিমান।
তথ্য অনুসৰি,বৃহস্পতিবাৰে এখন বিমান কলকাতাৰ পৰা ত্ৰিপুৰাৰ আগৰতলালৈ ৰাওনা হৈছিল। বিমানখন আৰম্ভ হোৱাৰ পাছত হঠাতে মাজ আকাশত যান্ত্ৰিক সমস্যাৰ সন্মুখীন হয়।
বিমানখন কঁপিবলৈ ধৰিলে। নিমিষতে যাত্ৰীসকলৰ মাজত উত্তেজনা বিয়পি পৰে।
অৱশ্যে পাইলটৰ তৎপৰতাত বিমানখন পুনৰ কলকাতালৈ লৈ ঘূৰি আহে। তথ্য অনুসৰি বিমানখনৰ সকলো যাত্ৰী আৰু ‘ক্ৰু’ সুৰক্ষিত আছে। বিমানখন সম্প্ৰতি মেৰামতিৰ কাম চলিছে।
উল্লেখ্য যে, যান্ত্ৰিক বিজুতিৰ বাবেই আজি মাজ আকাশত এক বৃহৎ দুৰ্ঘটনা সংঘটিত হোৱাৰ সম্ভাৱনা আছিল । ইটোৰ পাছত সিটো বিমান দুৰ্ঘটনাৰ বাবে আতংকিত হৈ পৰিছে সাধাৰণ জনতা।
প্ৰসংগক্ৰমে আজি পুৱা দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা পৰে আন এখন ইণ্ডিগ’ৰ বিমান। দিল্লীৰ পৰা লেহ অভিমুখে ৰাওনা হৈছিল বিমানখন। কিন্তু উৰণৰ কিছু সময়ৰ পাছতে বিমানখনৰ মাজ আকাশতে যান্ত্ৰিক বিজুতিৰ সৃষ্টি হয়। হঠাৎ উৰণৰ সময়ত বিমানখন কঁপিবলৈ ধৰিলে।
ইয়াৰ পাছতে তৎক্ষণাৎ বিমানখন ঘূৰাই অনাৰ সিদ্ধান্ত লয় পাইলটে।






























