Appointment letter distribution ceremony: মহানগৰীৰ পাঞ্জাবাৰীস্থিত শ্ৰীমন্ত শংকৰদেৱ আন্তর্জাতিক প্রেক্ষাগৃহত বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই ৪৮১ গৰাকী যুৱক-যুৱতীক নিযুক্তি পত্ৰ বিতৰণ কৰে ৷ বিভিন্ন বিভাগত নিযুক্তি
লাভ কৰা যুৱক-যুৱতী সকলক সম্বোধন কৰি দিয়া ভাষণত মুখ্যমন্ত্ৰী গৰাকীয়ে কয়, আজি নিযুক্তি দিয়া ৪৮১ গৰাকী যুৱক-যুৱতীয়ে নিজ নিজ কৰ্মস্থলীত সুচাৰুৰূপে নিজৰ কৰ্মত মনোনিৱেশ কৰিব ৷
আজি সমগ্ৰ অসমৰ পৰা ৪৮১ যুৱক-যুৱতীয়ে অসম চৰকাৰৰ বিভিন্ন বিভাগত নিযুক্তি পত্ৰ লাভ কৰিছে। এয়া প্ৰতিশ্ৰুতি পূৰণৰ আমাৰ যাত্ৰাৰ অবিৰাম প্ৰয়াস৷ ইয়াৰ সৈতে ১,২০,৮৪০গৰাকীয়ে এতিয়ালৈ ২০২১ চনৰ পৰা বিনামূলীয়া আৰু নিৰপেক্ষভাৱে চৰকাৰী চাকৰি লাভ কৰিবলৈ সক্ষম হৈছে। ইয়ে স্বচ্ছতা আৰু নিকা ব্যৱস্থাৰ এক মাইলষ্টন হিচাপে বিবেচিত হৈছে ৷ এইখন চৰকাৰ ৰাইজৰ চৰকাৰ৷ ৰাইজৰ আশা – আকাংক্ষা দূৰ কৰাটো প্ৰধান দায়িত্ব ৰূপে লৈ নিষ্ঠাৰে নিজৰ কাম কৰি গৈছে বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে।
অনুষ্ঠানত মন্ত্ৰীত্ৰয় ৰনজিৎ কুমাৰ দাস,ডা:ৰণোজ পেগু,কৃষ্ণাগু পাল সহ বহু কেইগৰাকী উচ্চপদস্থ বিষয়া উপস্থিত থাকে৷






























