Chhattisgarh:চত্তীশগড়ৰ কাংকেৰ জিলাত যুটীয়া বাহিনী আৰু মাওবাদীৰ মাজত বন্দুকৰ সংঘৰ্ষ। গুলিবিদ্ধ হৈ নিহঁত এগৰাকী মহিলাসহ দুজন মাওবাদী ।
ADVERTISEMENT
কাংকেৰ জিলাৰ ছোটেবথাইয়া জঙ্ঘলত শুকুৰবাৰে পুৱাৰ পৰাই চলিছে এই সংঘৰ্ষ।
কাংকেৰ জিলাৰ আৰক্ষী অধীক্ষক ইন্দিৰা কল্যাণ এলিছেলাই জনোৱা অনুসৰি, জিলা ৰিজাৰ্ভ গাৰ্ড আৰু বি এছ এফে যৌথ অভিযান চলাইছে।
মাওবাদী ইউনিফৰ্ম পৰিধান কৰা এগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। জংঘলৰ পৰা উদ্ধাৰ হৈছে এটা অটোমেটিক ৰাইফল।
এই সংঘৰ্ষত আৰু কেবাজনো মাওবাদীৰ মৃত্যু হ’ব পাৰে বুলি সূত্ৰই প্ৰকাশ কৰিছে।






























