IndiGo:পুনৰ মাজ আকাশত বিপত্তি।উৰণৰ কিছু মিনিটৰ ভিতৰতে চেন্নাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত জৰুৰীকালীন অৱতৰণ ইণ্ডিগ’ৰ এখন বিমানৰ ।
মাজ আকাশত ধৰা পৰিছে যান্ত্ৰিক ত্ৰুটি। সেইয়ে যাত্ৰীসকলৰ সুৰক্ষা প্ৰতি লক্ষ্য ৰাখি পাইলটে বিমানখন জৰুৰীকালীন অৱতৰণ কৰে।
চেন্নাই বিমানবন্দৰৰ সূত্ৰ অনুসৰি ৬০ জনতকৈ অধিক যাত্ৰী লৈ পুৱা সাত বাজি ৫৫ মিনিটত মাদুৰাই অভিমুখে ৰাওনা হোৱা ইণ্ডিগ’ বিমানখন মধ্য আকাশত ত্ৰুটি ধৰা পৰে ।ইয়াৰ পাছতে সতৰ্কতামূলক ব্যৱস্থা হিচাপে বিমানখন ঘূৰাই দিয়াৰ সিদ্ধান্ত লোৱা হয়।
উৰণৰ আধা ঘণ্টাৰ ভিতৰতে চেন্নাই বিমানবন্দৰত অৱতৰণ কৰে বিমানখন। সকলো যাত্ৰী নিৰাপদ আৰু সুস্থ বুলি ইণ্ডিগ’ৱে জানিবলৈ দিয়ে। বিমানবন্দৰ কৰ্তৃপক্ষ আৰু ইণ্ডিগ’ই জনোৱা মতে, যাত্ৰীসকলক মাদুৰাইলৈ প্ৰেৰণৰ বাবে বিকল্প বিমানৰ ব্যৱস্থা কৰা হৈছে।
প্ৰসংগক্ৰমে বৃহস্পতিবাৰে দিল্লীৰ পৰা লেহ অভিমুখী ইণ্ডিগ’ৰ এখন বিমানতো যান্ত্ৰিক ত্ৰুটি ধৰা পৰে। মাজ আকাশৰ পৰাই বিমানখন পুনৰ দিল্লী বিমানবন্দৰলৈ অনা হৈছিল। সূত্ৰ অনুসৰি সেই বিমানখনত ক্ৰুকে ধৰি ১৮০ জন যাত্ৰী আছিল। সকলোৱে সুৰক্ষিত আছে।
আহমেদাবাদত সংঘটিত হোৱা বিমান দুৰ্ঘটনাৰ পাছত যাত্ৰীৰ সুৰক্ষাৰ প্ৰতি উদ্বেগ বৃদ্ধি পাইছে। যোৱা কেইদিনমানৰ পৰা বিমানত বোমাৰ ভাবুকিও দেখা গৈছে। ইয়াৰ বাবে দেশৰ বিভিন্ন বিমানবন্দৰত নিৰাপত্তা আৰু অধিক বৃদ্ধি পোৱা বুলি সূত্ৰই জানিবলৈ দিয়ে।






























