CM Himanta Biswa Sarma Press Meet::মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই শুকুৰবাৰে দিছপুৰস্থ মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ লোকসেৱা ভৱনত অনুষ্ঠিত এক সংবাদমে সম্বোধন কৰি শেহতীয়াকৈ ৰাজ্যৰ কেতবোৰ স্থানত গো- মাংস পোলোৱাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৷
মন্দিৰৰ পিছত এইবাৰ দুস্কৃতিকাৰীৰ টাৰ্গেট হৈ পৰিছে অসমীয়া জাতীয় জীৱনৰ আধ্যাত্মিকতাৰ প্ৰতীক নামঘৰ ৷ নামঘৰত নিষিদ্ধ মাংস পেলোৱাক লৈ উদ্বিগ্নতা প্ৰকাশ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে, ঈদৰ পাছৰে পৰা ধুবুৰী ,লখিমপুৰ, লখিপুৰ, গোৱালপাৰা সহ বহুকেইটা স্থানত গো- মাংস পেলোৱাৰ দৰে ঘটনা সংঘটিত হৈ আহিছে৷ এনেক্ষেত্ৰত চৰকাৰে বিষয়টো গুৰুত্ব সহকাৰে লৈ
পশুধন সুৰক্ষা আইন কঠোৰভাৱে বলৱৎ কৰা হ’ব। ইতিমধ্যে ৰাজ্যৰ সকলো জিলা প্ৰশাসনক কঠোৰ নিৰ্দেশনা দিয়া হৈছে। এতিয়াৰ পৰা মন্দিৰ, নামঘৰৰ পৰা ৫ কিঃমিঃ ব্যাসাৰ্ধত কোৰবাণী সম্পূৰ্ণ ৰূপে নিষিদ্ধ ঘোষণা কৰা হৈছে৷ আনহাতে । অসমৰ সাতামপুৰুষীয়া সম্প্ৰীতি বিঘ্নিত কৰিবলৈ এটা চক্ৰই ৰাজ্যত অশান্তি কৰাৰ চেষ্টা চলাইছে। ৰাজ্যৰ বাহিৰৰ পৰাও অশান্তিৰ অপচেষ্টা চলাইছে।
শেহতীয়াকৈ যোৱা এমাহৰ পৰা অধিক সক্ৰিয় হৈ আছে চক্ৰটো। এনে প্ৰেক্ষাপটত আৰক্ষীৰ চাইবাৰ ক্ৰাইম বিভাগে ইতিমধ্যেই ২০৯২টা ফেচবুক একাউণ্ট পৰীক্ষা কৰিছে। তাৎপৰ্যপূৰ্ণভাৱে ৭০০টা ফেচবুক একাউণ্ট চলি আছে বাংলাদেশৰ ৷ আনহাতে ৩৫০টা একাউণ্ট চলি আছে ভাৰতৰ চিৰবৈৰী শত্ৰু ৰাষ্ট্ৰ পাকিস্তানৰ পৰা৷ একেদৰে মধ্য প্ৰাচ্যৰ পৰা সক্ৰিয় আছে ৫০০ একাউণ্ট ৷ তদুপৰি
জাৰ্মান, লিবিয়া, মৰক্কো, ওমান,পতুৰ্গাল, শ্ৰীলংকা, তুৰ্কীৰ পৰা অব্যাহত আছে একাউণ্ট৷ এই ফেচবুক একাউণ্ট জৰিয়তে অসমক অস্থিৰ আৰু সাম্প্ৰদায়িক বিষবাষ্প বিয়পোৱাৰ বাবে অহৰহ প্ৰচেষ্টা অব্যাহত ৰাখিছে ৷ অৱশ্যে গৃহ বিভাগে বহি:ৰাষ্ট্ৰৰ এই ফেচবুক একাউণ্টবোৰ চিনাক্ত কৰিছে। অচিৰেই জালত পৰিব চক্ৰটো৷
মুখ্যমন্ত্ৰী গৰাকীয়ে আৰু কয় যে,অসমৰ প্ৰদেশ কংগ্ৰেছৰ এজন জ্যেষ্ঠ নেতাক বহি:ৰাষ্ট্ৰৰ সমৰ্থন সময়ে সময়ে পাই আহিছে ৷ আনকি ফেচবুক পেজ খুলি কংগ্ৰেছ নেতাজনক ভাৰতৰ দুখন শত্ৰু ৰাষ্ট্ৰৰ পৰা সমৰ্থন কৰি আহিছে ৷ মনকৰিবলগীয়া যে এই একাউণ্ট থকা সকলৰ আছে এটা হোৱাটচআপ গ্ৰুপ ৷ মোৰ পষ্ট সমূহত কেতিয়াবা এই একাউণ্টৰ পৰা দিয়া হয় লাইক ৷মুলত:ইছলামিক মৌলবাদৰ হৈ বিভিন্ন কৰ্মত সক্ৰিয় হৈ আছে ৷ গুৱাহাটী আই আইটি নামতো তেওঁলোকে ভুৱা একাউণ্ট খুলিও সক্ৰিয় হৈ আছে দেশবিৰোধী কাৰ্যকলাপত ৷ আনকি বহি:ৰাজ্যৰ পৰা অহা উল্লিখিত চক্ৰটোৰ লোক জিএছ ৰোড আৰু খাৰঘূলি আদি অঞ্চলত ঘৰ ভাড়া কৰি নিজৰ মৌলবাদী গতিবিধি অব্যাহত ৰাখিছে ৷ এই চক্ৰটোৱে কেইগৰাকীমান ইউটিউবাৰকো সাক্ষাৎ কৰিছে ৷ এনেবোৰ দেশবিৰোধী কামকাজ কৰিবলৈ যোৱা এটা মাহত সক্ৰিয় হৈ আছে পাঁচ হাজাৰ একাউণ্ট।শেহতীয়াকৈ আৰক্ষীয়ে উক্ত অঞ্চল সমূহ চিনাক্ত কৰি তেওঁলোকৰ কাৰ্যকলাপক তীক্ষ্ণ নজৰত ৰাখিছে।
আনহাতে শিৱসাগৰৰ ভটীয়াপাৰৰ গেছ নিৰ্গমন সন্দৰ্ভত সাংবাদিকে সোধা এক প্ৰশ্নোত্তৰত মুখ্যমন্ত্ৰী কয়,মই ইতিমধ্যেই কেন্দ্ৰীয় পেট্ৰ’লিয়াম মন্ত্ৰী হৰদ্বীপ সিং পুৰীৰ স’তে অহৰহ যোগাযোগত আছে ৷ গেছ লিক্ বন্ধ ক্ষেত্ৰত অএনজিচিয়ে প্ৰথম দুটা পৰ্যায়ত ব্যৰ্থ হৈছে ৷ শেহতীয়াকৈ তৃতীয়টো প্ৰচেষ্টাত অএনজিচিয়ে কেপিং কৰি স্থায়ীভাৱে গেছ লিক্ বন্ধৰ প্ৰয়াস কৰিছে ৷এইক্ষেত্ৰত শনিবাৰৰ পৰা মাৰ্কিন যুক্তৰাষ্ট্ৰৰ পৰা অহা বিশেষজ্ঞ দলটোৱে যুদ্ধকালীন তৎপৰতাৰে কেপিং প্ৰক্ৰিয়া আৰম্ভ কৰিব ৷
আনহাতে মুখ্যমন্ত্ৰী সংবাদমেলত কয় যে ,ভটীয়াপাৰৰ গেছ নিৰ্গমনৰ বাবে ইতিমধ্যে অঞ্চলবাসীৰ যি ক্ষয়ক্ষতি হৈছে তাৰ ক্ষতিপূৰণ দিব অএনজিচিয়ে৷ আগন্তুক বানপানীৰ অহাৰ পূৰ্বে গেছ নিৰ্গমনৰ গেছ লিক্ বন্ধ কৰাটো অতি জুৰুৰী ৷ অন্যথাই পৰিবেশ অতি বেয়া হোৱাৰ আশংকা নুই কৰিব নোৱাৰি৷ এই কথা ইতিমধ্যেই অএনজিচিক স্পষ্ট কৰি দিয়া হৈছে ৷
সংবাদমেলত মুখ্যমন্ত্ৰীয়ে আন কেতবোৰ বিষয় সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰ দিয়ে ৷






























