Israel defence force:ইজৰাইলৰ আক্ৰমণত ইৰানৰ সশস্ত্ৰ বাহিনী ইৰানিয়ান ৰিভল্যুচনেৰী গাৰ্ড (আই আৰ জি) ৰ দুই শীৰ্ষ কমাণ্ডাৰৰ মৃত্যু।
শনিবাৰে এই কথা প্ৰকাশ কৰিছে ইজৰাইলৰ প্ৰতিৰক্ষা মন্ত্ৰী ইজৰাইল কাটজে।জনাইছে, ইৰানৰ এটা আক্ৰমণ মৃত্যু হৈছে আইআৰজি কমাণ্ডাৰ সৈইদ ইজাদিৰ।
তদুপৰি, গভীৰ নিশা গাড়ীত থকা আন এজন আই আৰ জি কমাণ্ডাৰ বেনহাম শ্বৰিয়াৰীক আক্ৰমণ কৰা হয়। তেওঁৰো মৃত্যু হৈছে ।
তথ্য অনুসৰি, এই আক্ৰমণ সন্দৰ্ভত ইৰানৰ পৰা কোনো আনুষ্ঠানিক মন্তব্য কৰা হোৱা নাই।
শনিবাৰে কাটজে এক বিবৃতিত জনায়, ইৰাণৰ ক’ম প্ৰদেশৰ এটা বহুমহলীয়া অট্টালিকাত শনিবাৰে আক্ৰমণ কৰা হয়। তাত আছিল আই আৰ জিৰ জ্যেষ্ঠ অধিনায়ক ইজাদি।
তেওঁ ইৰাণৰ সেনাবাহিনীৰ বিদেশী শাখা পেলেষ্টাইন কৰ্পছৰ নেতৃত্ব দিছিল। তেওঁৰ ইউনিটটোৰ নাম আছিল কুডছ ফৰ্চ।
পাছত ইজৰাইলৰ সেনাই ইজৰাইল প্ৰতিৰক্ষা বাহিনী (আইডিএফ)য়ে জনায় ,এই আক্ৰমণত আই আৰ জিৰ বিদেশী শাখাৰ আন এজন কমাণ্ডও নিহত হৈছে।
উল্লেখ্য যে,আইডিএফৰ দাবী,ইৰাণৰ পৰা পশ্চিম এছিয়াত থকা তেওঁলোকৰ ঘনিষ্ঠ সংগঠনসমূহলৈ যি সমূহ অস্ত্ৰ প্ৰেৰণ কৰা হয় তাৰ দ্বায়িত্বত আছিল শ্বৰিয়াৰী ।
তেওঁ বহুতো ৰকেট আৰু ক্ষেপনাস্ত্ৰ লেবাননৰ সশস্ত্ৰ গোট হিজবুল্লাহ, য়েমেনৰ সশস্ত্ৰ গোট হাউথী, আৰু পেলেষ্টাইন সমৰ্থক সশস্ত্ৰ গোট হামাছক যোগান ধৰে।






























