New Rules For Two Wheelers:স্কুটাৰ, মটৰ চাইকেলসহ ভাৰতত বিক্ৰী হোৱা সকলো নতুন দুচকীয়া বাহনত এন্টি-লক ব্রেকিং ছিষ্টেম (এবিএছ) ইনষ্টল কৰাটো চৰকাৰে বাধ্যতামূলক কৰিলে।
কেন্দ্ৰীয় পথ আৰু পৰিবহণ মন্ত্রণালয়ে ঘোষণা কৰি কয় যে এক জানুৱাৰী ২০২৬ৰ পৰা দেশত সকলো দুচকীয়া বাহনত এবিএছ ইনষ্টল কৰাটো বাধ্যতামূলক হোৱাৰ লগতে দুচকীয়া বাহন বিক্ৰীৰ সময়ত ক্রেতাক দুটাকৈ হেলমেট বিক্রেতাই বিনামূল্যে যোগান ধৰিব।
নিৰাপত্তা প্রয়োজনীয়তা, পথ দুর্ঘটনা আৰু মৃত্যু হ্রাস কৰিবলৈ এই নতুন নিয়ম কাৰ্যকৰী কৰাৰ কথা কেন্দ্ৰই সদৰী কৰিলে। বর্তমানে এবিএছ কেৱল ১২৫ চিচিৰ অধিক ইঞ্জিন ধাৰণ ক্ষমতাসম্পন্ন দুচকীয়া বাহনৰ ক্ষেত্রত বাধ্যতামূলক।
অর্থাৎ প্রায় ৪০ শতাংশ দুচকীয়া বাহনত এবিএছ সুৰক্ষা ব্যৱস্থা বর্তমানে নাই।






























