Samantha Ruth Prabhu: দক্ষিণৰ অভিনেত্ৰী ছামান্থা ৰুথ প্রভুৱে ভুল চিকিৎসা পৰামৰ্শ দিয়াৰ বাবে বিতৰ্কৰ সৃষ্টি হৈছে। ডাক্তৰ চাইৰিয়াক এবি ফিলিপছ ওৰফে ‘দ্য লিভাৰ ডাক্তৰ’-এ সামাজিক মাধ্যমত ইটোৰ পাছত সিটো প’ষ্ট কৰি অভিনেত্ৰীগৰাকীক সমালোচনা কৰি আহিছে।
এই ডাক্তৰজনে আকৌ এবাৰ ছামান্থাক তীব্র সমালোচনা কৰিছে। তেওঁ অভিনেত্ৰীগৰাকীক ‘বৈজ্ঞানিকভাৱে নিৰক্ষৰ অভিনেত্রী’ বুলিও অভিহিত কৰিছে। ইনস্টাগ্রাম হেন্ডেলত ছামান্থাৰ বিৰুদ্ধে অভিযোগ উঠিছে যে তেওঁ এটা ছাপ্লিমেন্ট ব্ৰেণ্ডৰ প্ৰচাৰ চলাইছে, য’ত এনএমএন (নাইচিনামাইড মনোনিউকিলোটাইড) থকা বুলি দাবী কৰা হৈছে।
এই ছাপ্লিমেণ্টৰ প্ৰচাৰ কৰি ছামান্থাই লিখিছে, ‘বয়স বঢ়াৰ লগে লগে মানুহৰ শৰীৰত এনএডি কমি যায়, যাৰ ফলত শক্তি আৰু মনোযোগৰ ক্ষমতা হ্রাস পায়।’ অভিনেত্ৰীগৰাকীয়ে দাবী কৰিছে যে এনএমএনে ইয়াক প্ৰতিৰোধ কৰাত সহায় কৰে।
এই প্ৰসংগতে চিকিৎসকজনে ছামান্থাক উদ্দেশ্য কৰি কয়, ‘বিজ্ঞান অশিক্ষিত তাৰকাসকলে কিদৰে নিজৰ লাখ লাখ অনুগামীক প্ৰতাৰণা কৰি এনে ছাপ্লিমেন্ট বিক্ৰী কৰি আছে, যিয়ে একেবাৰেই কাম নিদিয়ে?
এইবোৰ সম্পূৰ্ণ ভুৱা।’ ইপিনে, গম পোৱা গৈছে যে ছাপ্লিমেন্ট ব্ৰেণ্ডত ছামান্থাৰ অংশীদাৰিত্ব আছে। অৱশ্যে এই পর্যন্ত ছামান্থাই কোনো প্রতিক্রিয়া প্রকাশ কৰা নাই।
